বৰপেটাৰোড, 11 মাৰ্চ :পৌৰসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পাচতে বৰপেটাৰোড পৌৰসভাত স্পষ্ট হৈ পৰিছে চেয়াৰমেন কেন্দ্ৰীক সংঘাত (Problem in Barpeta municipal corporations over chairman post)৷ বৰপেটাৰোড পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ভিতৰত ১০ টাতেই শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী জয়লাভ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে বৰপেটা জিলা কমিটিয়ে নৱ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলৰ সৈতে মত-বিনিময় কৰাৰ বাবে বৃহস্পতিবাৰে আয়োজন কৰে এখন সভাৰ ৷
বিজেপিৰ বৰপেটাৰোড নগৰ মণ্ডলৰ কাৰ্যালয়ত নগৰ মণ্ডলৰ সভাপতিয়ে আহ্বান কৰা এই সভাত বৰপেটাৰোড পৌৰসভা নিৰ্বাচন(Municipal Election 2022) ত জয়লাভ কৰা ১০ গৰাকী ৱাৰ্ড কমিচনাৰৰ ভিতৰত মাত্ৰ ৪ গৰাকী ৱাৰ্ড কমিচনাৰহে উপস্থিত থাকে ৷ অন্য ৬ গৰাকী ৱাৰ্ড কমিচনাৰ ক্ৰমে ৰাজেশ সৰকাৰ(ৰাজা), বনজিৎ বৰ্মন, পাৰুল মণ্ডল, গীতুমণি দাস দেউৰী, সবিতা দেৱনাথ আৰু প্ৰীতি ধিৰাচাৰীয়াই নিৰ্বাচিত হোৱাৰ পাচৰে পৰাই চেয়াৰমেন কেন্দ্ৰীক লবীৰ বাবে গুৱাহাটীত আত্মগোপন কৰি থকা বুলি চৰ্চিত হৈছে ৷ অন্যহাতে, সভাখনত উপস্থিত থাকে ক্ৰমে দিলীপ কুমাৰ সাহা, সুৰথী সাহা সুৰেশ চৌধাৰী আৰু ৰিংকু ৰায় পোদ্দাৰ ৷