বৰপেটা, ২২ ডিচেম্বৰঃসদৌ অসম প্ৰাথমিক টেট্ উত্তীর্ণ শিক্ষক সমাজৰ বৰপেটা জিলাসমিতিয়ে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে (Tet teacher press conference at Barpeta) ৷ বৰপেটা সাহিত্য সভা ভৱনত আয়োজন কৰা সংবাদমেলখনৰ জড়িয়তে ৩০ মাহে বঞ্চিত হৈ থকা বৰ্ধিত মৰগীয়া বানচ মুকলি কৰি দিয়াৰ আহ্বান জনায় ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপৰ দাবী জনায় সংবাদমেলখনৰ জৰিয়তে ৷
সৰ্বশিক্ষা মিচনৰ অধীনৰ শিক্ষকসকলক বিনাচৰ্তে চাকৰি নিয়মীয়াকৰণ কৰা, নিয়মীয়াকৰণ নোহোৱা পর্যন্ত ২০১৯ চনৰ ১ জুলাইৰ কেবিনেট সিদ্ধান্তৰ নিৰ্দেশনা অনুসৰি নিয়মীয়া শিক্ষকৰ মর্যাদা প্ৰদানেৰে সমহাৰত সকলো সুবিধা প্ৰদান কৰা তথা ২০১১ চনৰ জুলাই মাহৰ পৰা পর্যায়ক্ৰমে ৫ শতাংশ, ১৯ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ বকেয়াসহ শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে সংগঠনটোৰ বৰপেটা জিলা সমিতিৰ নেতৃত্বই সংবাদমেলযোগে চৰকাৰ তথা বিভাগক দাবী জনায় (Issues of Primary TET teacher Assam)। উল্লেখ্য যে, সৰ্বশিক্ষাৰ অন্তৰ্গত প্ৰাথমিক টেট উত্তীর্ণ শিক্ষকসকলে বিগত ৩০ মাহ ধৰি তিনিটাকৈ বৰ্দ্ধিত মৰগীয়া বানচ লাভৰ পৰা বঞ্চিত হৈ আছে ।