জনীয়া, ৬ আগষ্টঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে প্ৰতীক হাজেলাক শিখন্দী সজাই পুনৰীক্ষণৰ বাবে বহু লোকক জাননী প্ৰেৰণ কৰি এন আৰ চিৰ কামত বাধাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম কয় যে," এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকাৰ প্ৰকাশৰ পিছত সম্পূৰ্ণ খচৰাত যিসকল লোকৰ নাম আছিল; সেই লোকসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ পুনৰীক্ষণৰ প্ৰয়োজন নাই বুলি মাননীয় উচ্চতম ন্যায়ালয়ে কোৱাৰ পিছতো দুদিন পূৰ্বৰ পৰা অসমৰ বিভিন্ন জিলাৰ লোক সকলক উজনি অসমৰ বিভিন্ন জিলাত শুনানিৰ বাবে মাতিছে আৰু এই ঘটনাটো সম্পূৰ্ণ ষড়যন্ত্ৰমূলক ৷ "
এন আৰ চি পুনৰীক্ষণৰ বাবে দুদিন পূৰ্বে জাননী প্ৰেৰণ কৰা ঘটনা সম্পূৰ্ণ ষড়যন্ত্ৰমূলকঃ আশ্ৰাফুল ইছলাম - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
এন আৰ চি পুনৰীক্ষণৰ বাবে হাজাৰ হাজাৰ লোকক মাত্ৰ এদিন পূৰ্বে জাননী প্ৰদান কৰাৰ লগতে ৩০০-৪০০ কিঃমিঃ দূৰলৈ শুনানিৰ বাবে মাতি পঠোৱাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল।
এন আৰ চি পুনৰীক্ষণৰ বাবে দুদিন পূৰ্বে জাননী প্ৰেৰণ কৰা ঘটনা সম্পূৰ্ণ ষড়যন্ত্ৰমূলকঃ আশ্ৰাফুল ইছলাম
লগতে সংখ্যালঘু ৰাইজৰ ওপৰত দোষ জাপি দি এন আৰ চিৰ প্ৰক্ৰিয়াটো পিছুৱাই নিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ লিপ্ত হৈছে বুলিও অভিযোগ দিয়ে সভাপতিগৰাকীয়ে । তাৰোপৰি এন আৰ চিৰ নামত সংখ্যালঘু ৰাইজ কঠোৰ হাৰাশাস্তিৰ সম্মুখীন হোৱাৰ পাছতো নিজ নিজ এলেকাৰ সংখ্যালঘু জনপ্ৰতিনিধি সকলৰ নিষ্ক্ৰিয় ভূমিকাক তীব্ৰ ভাষাৰে নিন্দা কৰে কৃষক মুক্তিৰ নেতা সকলে । লগতে এন আৰ চিৰ শুনানিৰ বাবে যোৱাৰ সময়ত দুৰ্ঘটনাত আহত বা নিহত ব্যক্তিৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণৰ দাবী সংগঠনটোৰ৷