বৰপেটা, 12 জুন:বৰপেটাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সংবাদমেল ৷ প্ৰধামমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ 9 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বৰপেটা লোকসভা সমষ্টি ভিত্তিত আয়োজন কৰা হয় এই সংবাদমেলৰ ৷
সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতবৰ্ষক বিশ্বগুৰু কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি সপোন, সেই সপোন সাৰ্থক কৰাৰ বাবে 2024 ৰ নিৰ্বাচনত পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বতেই চৰকাৰ গঠন কৰিব লাগিব ৷ মোদীৰ নেতৃত্বত 9 বছৰীয়া কাৰ্যকালক লৈ সোমবাৰে বৰপেটাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংবাদমেল সম্বোধন কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্তোদ্যয়া ৰূপায়নত মোদীয়ে গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে ৷ কৃষকৰ উন্নয়নৰ স্বাৰ্থত বিজেপি চৰকাৰে হাতত লোৱা আঁচনি অনুসৰি 2,040 টকা দৰত 61 হাজাৰ কৃষকৰ পৰা 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্যৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে 5,445 টকা দৰত সৰিয়হ ক্ৰয় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে তেওঁ ৷ কৃষকৰ বাবে চৰকাৰে গ্ৰহণ কৰা এনে আঁচনিৰ ফলত কৃষক সকল উপকৃত হ’ব বুলি প্ৰকাশ কৰি মধ্যভোগীৰ জৰিয়তে ধান বিক্ৰী নকৰিবলৈ কৃষকক আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যভোগী ব্যৱস্থা নোহোৱা কৰি বেংক একাউন্টৰ জৰিয়তে হিতাধিকাৰীক ধন আদায় দিয়াৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ দেশত প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱাটো আমাৰ বাবে ভাল খবৰ বুলি মন্তব্য কৰে তেওঁ ৷ চৰকাৰে ভাৰত মালাৰ জৰিয়তে নতুন নতুন পথ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা আঁচনি অনুসৰি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অভাৰব্ৰীজ আৰু পথ নিৰ্মাণ হোৱা বুলি প্ৰকাশ কৰে মন্ত্ৰী দাসে ৷