বৰপেটাৰোড,27ছেপ্টেম্বৰঃ "কংগ্ৰেছ চৰকাৰৰ দিনত বিজেপিয়ে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছিল ৷ কিন্তু বৰ্তমান কেন্দ্ৰত চৰকাৰ থকাৰ পাচতো মূল্যবৃদ্ধিৰ ক্ষেত্ৰত এই চৰকাৰ নিমাত হৈ থকাটো চৰম দূৰ্ভাগ্যজনক ৷"- শুকুৰবাৰে বৰপেটাৰোড প্ৰেছ ক্লাৱত এক সংবোদমেল সম্বোধন কৰি এই মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৷ ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জ্বলাকলা খুৱাই থকা বুলি অভিযোগ তুলি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কোনা পদক্ষেপ লোৱা নাই বুলি মন্তব্য কৰে ৷ ইপিনে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত এই চৰকাৰ নিমাত হৈ থকাটো চৰম দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল আজিজে ৷ চৰকাৰে মুল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজপথলৈ ওলাই আন্দোলন কৰাৰো হুংকাৰ দিয়ে ৷ ইফালে বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পিছৰে পৰাই অসমৰ বিভিন্ন জিলাৰ বিদেশী ন্যায়ধীকৰণ সমূহ 'D ’ ভোটাৰ সকলৰ সম্পূর্ণ বৈধ নথিপত্ৰ থকাৰ পাছতো পাকে প্ৰকাৰে হাৰাশাস্তি কৰি বিদেশী বনাই থকা বুলিও অভিযোগ উত্থাপন কৰে আব্দুল আজিজে ৷
"সৰ্বানন্দ সোনোৱালৰ গৃহ বিভাগ ব্যৰ্থ"- অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ - "সৰ্বানন্দ সোনোৱালৰ গৃহ বিভাগ ব্যৰ্থ"
"দৰঙৰ বুঢ়া আৰক্ষী চকীৰ আৰক্ষীয়ে তিনিগৰাকীকৈ মহিলা আচামীক কৰায়ত্ব কৰাৰ নামত যি বৰ্বৰ ঘটনা সংঘটিত কৰিলে আৰু বৰপেটাৰোডৰ নিচুকা গাঁৱত কয়লাময়লা থানাৰ আৰক্ষীয়ে আচামী বিচৰাৰ নামত তিনিজনী মহিলাৰ ওচৰত যি অমানৱীয় ঘটনা সংঘটিত কৰিলে সেয়া অসমৰ ইতিহাসত এক নজীৰ বিহিন ঘটনা ৷" এই দুয়োটা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল আজিজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷
আনহাতে দৰঙৰ বুঢ়া আৰক্ষী চকীৰ আৰক্ষীয়ে তিনিগৰাকীকৈ মহিলা আচামীক কৰায়ত্ব কৰাৰ নামত যি বৰ্বৰ ঘটনা সংঘটিত কৰিলে আৰু বৰপেটাৰোডৰ নিচুকা গাঁৱত কয়লাময়লা থানাৰ আৰক্ষীয়ে আচামী বিচৰাৰ নামত তিনিজনী মহিলাৰ ওচৰত যি অমানৱীয় ঘটনা সংঘটিত কৰিলে এই দুয়োটা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি সভাপতি আব্দুল আজিজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷ লগতে দুয়োটা ঘটনাৰ ন্যায়ীক তদন্ত দাবী কৰি দোষী আৰক্ষীক দৃষ্টান্তমূলক শাস্তি দিবলৈ চৰকাৰক দাবী জনায় ৷