বৰপেটা, 22 চেপ্টেম্বৰঃ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ দিন ধাৰ্য হোৱাৰ পিচতেই বৰপেটা জিলাৰ জনীয়াত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এক সংবাদমেল আয়োজন কৰে ৷ উক্ত সংবাদমেলত উপায়ুক্ত গৰাকীয়ে নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ লগতে কেতবোৰ নিৰ্বাচন সম্পৰ্কীয় তথ্য প্ৰকাশ কৰে৷
জনীয়াত উপ-নিৰ্বাচনৰ লগত সংগতি ৰাখি জিলা উপায়ুক্তৰ সংবাদমেল - জিলা উপায়ুক্তৰ সংবাদমেল
জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হোৱা এই সংবাদমেলখনত উপায়ুক্ত গৰাকীয়ে ঘোষণা কৰে যে আগন্তুক 21 অক্টোবৰত ভোটগ্ৰহন অনুষ্ঠিত হ'ব৷
শনিবাৰে জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হোৱা এই সংবাদমেলখনত উপায়ুক্ত গৰাকীয়ে ঘোষণা কৰে যে আগন্তুক 21 অক্টোবৰত ভোটগ্ৰহন অনুষ্ঠিত হ'ব৷ 23 চেপ্টেম্বৰৰ পৰা গ্ৰহণ কৰা হ'ব মনোনয়ন৷ জনীয়া সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুল খালেক সংসদলৈ নিৰ্বাচিত হোৱাৰ পিচৰে পৰাই খালী হৈ থকা আসনখনৰ বাবে উপনিৰ্বাচনৰ আনুষ্ঠানিক দিন ঘোষণা কৰে বৰপেটাৰ জিলা উপায়ুক্ত গৰাকীয়ে ৷ ইয়াৰোপৰিও তেওঁ ঘোষণা কৰে যে উপ-নিৰ্বাচনৰ বাবে জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ শৰ্মাক ৰিৰ্টানিং বিষয়া আৰু কলগাছিয়াৰ ৰাজহ চক্ৰ বিষয়া অজিত কলিতাক সহকাৰী ৰিৰ্টানিং বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰা হ'ব৷সংবাদমেলখনত জিলা নিৰ্বাচন বিষয়া প্ৰবীৰ দত্তই জনোৱা মতে জনীয়া সমষ্টিৰ উপনিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা 1,87,988 জন । ইয়াৰে 98,484 জন পুৰুষ আৰু 89503 গৰাকী মহিলা । সমষ্টিটোত তৃতীয় লিঙ্গৰ ভোটাৰ আছে মাথো এগৰাকী । 27 জন বিশেষ ভাৱে সক্ষম ভোটাৰো আছে সমষ্টিটোত ৷ ইপিনে সমষ্টিটোৰ মুঠ 229 টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 144 টা কেন্দ্ৰ স্পৰ্শকাতৰ আৰু 5 টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে জিলা প্ৰশাসনে । আনহাতে সংবাদমেলখনৰ পিচতেই জিলাখনৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি সকলৰ সৈতে আন এখন সভা অনুস্থিত কৰে । উল্লেখ্য যে, অহা 24 অক্টোবৰত ভোটগননা অনুষ্ঠিত হ'ব৷