বৰপেটা, ২ ফেব্ৰুৱাৰী : ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে "মিচন টু দ্য হাৰ্টচ অফ মিলিয়ন" নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ৷ মঙলবাৰে বৰপেটা প্ৰেছ ক্লাৱত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে অনুষ্ঠিত কৰা সংবাদ মেলত কেইবাটাও আঁচনিৰ কথা সদৰী কৰে গুজৰাটৰ অৰ্থনৈতিক বিশেষজ্ঞ প্ৰীতি কাপাদিয়াই ৷
বৰপেটাত গুজৰাটৰ অৰ্থনৈতিক বিশেষজ্ঞ প্ৰীতি কাপাদিয়া
ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকললৈ সহায়ৰ বাবে "মিচন টু দ্য হাৰ্টচ অফ মিলিয়ন" নামৰ স্বেচ্ছাসেৱী সংস্থাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।
সংবাদ মেলত তেওঁ উল্লেখ কৰে যে অসমত থকা বিভিন্ন সম্পদক লৈ বিশেষ গৱেষণা নোহোৱাৰ বাবে অসমৰ যুৱক-যুৱতী কৰ্ম সংস্থাপনৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৷ "মিচন টু দ্য হাৰ্টচ অফ মিলিয়ন" নামৰ অনুষ্ঠানটোৱে অসমক লৈ যি পৰিকল্পনা কৰিছে সেয়া অচিৰেই কাৰ্যকৰী হ'ব বুলি তেওঁ কয় ৷ নেন' টেকন'লজি, কৃষি, পৰ্যটন আদিৰ ওপৰত প্ৰস্তুত কৰা আঁচনিবোৰ ৰূপায়ণ হ'লে অসমৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ উল্লেখ কৰে ৷ সংবাদমেলত সমাজকৰ্মী হেমন্ত কুমাৰ দেউৰী আৰু "মিচন টু দ্যা হাৰ্টচ অফ মিলিয়ন"ৰ পৰিচালন সঞ্চালক ছাবেদ ভূঞা উপস্থিত থাকে ৷
লগতে পঢ়ক :বাক্সাৰ তামুলপুৰত ভয়ানক অগ্নিকাণ্ড