অসম

assam

ETV Bharat / state

জনীয়াত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ বিৰুদ্ধে সংবাদমেল - ষড়যন্ত্ৰমূলক

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এখন সংবাদমেল সম্বোধন কৰি বিগত সাতমাহে হাউলী নগৰ সমিতিৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে ষড়যন্ত্ৰমূলক ভাবে প্ৰমানপত্ৰ প্ৰদানৰ কাম বন্ধ কৰি ৰাখিছে বুলি অভিযোগ কৰে সংগঠনটোৱে ৷

Press meet against Additional Appropriate Navajit Pathak in Jania
জনীয়াত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ বিৰুদ্ধে সংবাদমেল

By

Published : Sep 17, 2020, 12:37 PM IST

জনীয়া,17 ছেপ্তেম্বৰঃ হাউলী নগৰ সমিতিৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ বিৰুদ্ধে সংবাদমেল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৷ বৃহস্পতিবাৰে জনীয়াত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এখন সংবাদমেল সম্বোধন কৰি বিগত 7 মাহে হাউলী নগৰ সমিতিৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে ষড়যন্ত্ৰমূলক ভাবে প্ৰমানপত্ৰ প্ৰদানৰ কাম বন্ধ কৰি ৰাখিছে বুলি অভিযোগ কৰে সংগঠনটোৱে ৷

জনীয়াত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ বিৰুদ্ধে সংবাদমেল

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ইব্ৰাহিম আলী আৰু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইনে সংবাদমেলৰ জৰিয়তে অতিশীঘ্ৰে হাউলীত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ দাবী জনায় ।

উল্লেখযোগ্য যে,পাৰপত্ৰ,পানকাৰ্ড, ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, পি এম এ ৱাই, বেংক একাউন্ট, পি আৰ চি, ছাত্ৰ বৃত্তি, নামভৰ্তিকৰণ আদিৰ ক্ষেত্ৰত হাউলীবাসী ৰাইজৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হোৱাত এতিয়া হাহকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাউলীবাসীৰ ৷

লগতে পঢ়কঃ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান

ABOUT THE AUTHOR

...view details