বৰপেটা,১৪ মাৰ্চ: আগন্তুক নিৰ্বাচন সন্দৰ্ভত বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আয়োজন কৰে এক সংবাদমেল ৷ সংবাদমেলত আৰক্ষী আৰু আবকাৰী বিভাগৰ দ্বাৰা চলোৱা অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷
জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই উল্লেখ কৰে যে, নিৰ্বাচনত অবৈধ ধনৰ লেনদেন ৰোধ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ বিধি অনুযায়ী কোনো গ্ৰহণযোগ্য নথি অবিহনে কৰা ৫০ হাজাৰ টকাৰ অধিক পৰিমাণৰ নগদ ধনৰ সৰবৰাহৰ বিৰুদ্ধেও অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । সেই অনুসৰি নিৰ্বাচনৰ দিন ঘোষণাৰ দিন ধৰি ফ্লাইং স্কোৱাড আৰু স্থিৰ নিৰীক্ষক বাহিনী (এছ এছ টি)ৰ দ্বাৰা মুঠ ২৯ লাখ ৩,১০০ টকা জব্দ কৰা হৈছে । নিৰ্বাচনী বিধি উলংঘা সম্পৰ্কত অনলাইন যোগে চি-ভিজিল এপত এতিয়ালৈকে ২০ টা অভিযোগ দাখিল হৈছে ৷ লগতে আটাইবোৰ অভিযোগ তাৎক্ষণিকভাৱে নিষ্পত্তি কৰা হৈছে বুলিও উপায়ুক্ত গৰাকীয়ে সদৰী কৰে ।
সংবাদ মেলত উপস্থিত থকা জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসে এইবেলি নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কৰ্মৰত সাংবাদিকসকলকো পোষ্টেল বেলটযোগে ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে । তাৰ বাবে তেওঁলোকে ১৫ মাৰ্চৰ ভিতৰত ১২ ডি প্ৰ-পত্ৰ পূৰণ কৰি জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত ভোটাৰ কাৰ্ডৰ প্ৰতিলিপিসহ জমা দিব লাগিব । অৱশ্যে যি সকলে নিজে কেন্দ্ৰলৈ গৈ ভোটদান কৰিব বিচাৰে, তেওঁলোকে এই প্ৰ-পত্ৰ পূৰণ কৰাৰ কোনো আৱশ্যক নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।