বৰপেটা, 8 এপ্ৰিল : PFI আৰু CFIৰ তিনি শীৰ্ষ নেতাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই আয়োজন কৰে সংবাদমেলৰ ৷ বৃহস্পতিবাৰে বৰপেটাৰোড ৰে’ল ষ্টেচনত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰা হয় PFI আৰু CFI ৰ এই শীৰ্ষ নেতাকেইগৰাকীক । গ্ৰেপ্তাৰ কৰা CFI আৰু PFI নেতা কেইগৰাকী হ'ল - জাহিদুল ইছলাম, জাকিৰ হুছেইন আৰু আবু ছামা (Two PFI leaders arrested) ৷
জাহিদুল ইছলাম CFI ৰ ৰাষ্ট্ৰীয় সমিতিৰ কোষাধ্যক্ষ তথা অসম ৰাজ্যিক সমিতিৰ সভাপতি বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ CFI নেতা জাহিদুল ইছলামৰ ঘৰ বাক্সাৰ গোৱৰ্ধনাৰ সনবাৰী গাঁৱত ৷ আনহাতে PFIৰ ৰাজ্যিক সম্পাদক জাকিৰ হুছেইনৰ ঘৰ বাক্সাৰ গোৱৰ্ধনা গাঁৱত ৷ PFI ৰ ৰাজ্যিক সভাপতি আবু চামাৰ ঘৰ বৰপেটা ৰোডৰ ৯ নং ৱাৰ্ডত বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে (Barpeta SP press conference) ৷
আৰক্ষীয়ে ধৃত PFI আৰু CFI নেতা দুজনৰ পৰা নগদ ডেৰ লাখ টকাৰ লগতে বেংকৰ নথি আৰু আন কেতবোৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যত এতিয়াও অব্যাহত আছে নিষিদ্ধ ঘোষিত PFI ৰ সাংগঠনিক তৎপৰতা ৷ বহিঃৰাজ্যত বাহৰ পাতি অসমৰ দুই শীৰ্ষ PFI আৰু CFI নেতাই চলাই গৈছিল সাংগঠনিক কাম কাজ ৷ অসমৰ পৰা পলাই গৈ দীৰ্ঘদিন দেশৰ ভিন্ন ৰাজ্যত PFI আৰু CFI নেতাকেইজনে আত্মগোপন কৰি আছিল বুলি সংবাদ মেলত উল্লেখ কৰে (Operation against Popular Front of India) ৷