বৰপেটা ২৩ ফেব্ৰুৱাৰী :বৃহস্পতিবাৰেবৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বাজেট সম্পৰ্কে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই আগবঢ়ালে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ এইবাৰৰ বাজেটখনক এখন বিশেষ বাজেট বুলি অভিহিত কৰে সাংসদগৰাকীয়ে ৷ ভাৰতবৰ্ষৰ স্বাধীনতাই ইতিমধ্যে ৭৫ বছৰ অতিক্ৰম কৰিলে আৰু 75 বছৰ সম্পূৰ্ণ কৰাৰ বাবেই চলিত বৰ্ষৰ বাজেটক অমৃতকালৰ বাজেট হিচাপে সদনত উত্থাপন কৰা হৈছে (Bhubaneswar kalita on Union Budget 2023 24)৷
স্বাধীনতাৰ ৭৫ বছৰীয়া পূৰ্তি উপলক্ষে আগন্তুক ২৫ বছৰক অমৃতকাল হিচাপে অভিহিত কৰা হৈছে ৷ আগন্তুক ২৫ বছৰ অৰ্থাৎ স্বাধীনতাৰ ১০০ বছৰীয়া অমৃতকালৰ ভেঁটি এইবাৰৰ বাজেটে নিৰ্মাণ কৰিব বুলি কয় সাংসদগৰাকীয়ে ৷ ভাৰতক বিশ্বৰ এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ এই অমৃতকালে ভেঁটি নিৰ্মাণ কৰিব ৷ যদিও এয়া ২০২৩-২৪ বৰ্ষৰ বাজেট, কিন্তু এই বাজেটখনে আগন্তুক ১০০ বছৰৰ কাঠামো গঢ়ি তুলিব বুলি মত প্ৰকাশ কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে (Press conference of MP Bhubaneswar kalita) ৷
তেখেতে লগতে ক’লে, এইবাৰৰ বাজেটত ৭টা বিশেষ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে ৷ এই ৭টা বিষয়ক সপ্তৰ্ষি আখ্যা দি ৭ টা বিষয়ত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস চলোৱা হৈছে ৷ বাজেটৰ সপ্তৰ্ষি পৰিকল্পনা অনুসৰি দেশত মূলধনী বিনিয়োগ ব্যয় ৩০ শতাংশলৈ বৃদ্ধি কৰা হৈছে আৰু মূলধনী ব্যয়ৰ জৰিয়তে দেশৰ আন্তঃগাঁথনি গঢ়ি তোলাত গুৰুত্ব দিয়া হ’ব বুলি জানিবলৈ দিয়ে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷