অসম

assam

ETV Bharat / state

Assam Municipal election 2022: বৰপেটা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতি - প্ৰাৰ্থীসকলৰ বাবে বিশেষ নিৰ্দেশনা বৰপেটা প্ৰশাসনৰ

পৌৰ সভা নিৰ্বাচনক লৈ সাজু হৈছে জিলা প্ৰশাসন (Assam Municipal election 2022) । বৰপেটাৰ ৫ খন পৌৰ সভাত আছে প্ৰায় ৯৪,২৪৯ গৰাকী ভোটাৰ ৷ বৰপেটা পৌৰসভাৰ পৌৰপতিৰ আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত থাকিব । সৰভোগ আৰু সৰ্থেবাৰী পৌৰসভাৰ সভাপতিৰ আসন মহিলাৰ বাবে সংৰক্ষিত ।

Assam Municipal election 2022
বৰপেটা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতি

By

Published : Feb 12, 2022, 6:39 PM IST

বৰপেটা, ১২ ফেব্ৰুৱাৰী :অহা ৬ মাৰ্চত অনুষ্ঠিত হ'ব অসমৰ পৌৰ সভা নিৰ্বাচন (Assam Municipal election 2022) । প্ৰতিখন জিলাৰে পৌৰ সভা এলেকাত নিৰ্বাচনকলৈ বিশেষ তৎপৰতা গ্ৰহণ কৰিছে প্ৰশাসনে । বৰপেটা জিলাৰো ৫ খনকৈ পৌৰ সভাত নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনে । নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত শনিবাৰে জিলা উপায়ুক্তই সংবাদমেল সম্বোধন কৰে ।

উল্লেখ্য যে বৰপেটা জিলাৰ বৰপেটা, হাউলী, বৰপেটা ৰোড, সৰভোগ আৰু সৰ্থেবাৰী পৌৰ সভা নিৰ্বাচনক লৈ বৰপেটা জিলা প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ উপায়ুক্তগৰাকীয়ে জনোৱা মতে বৰপেটা পৌৰসভাৰ পৌৰপতিৰ আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে ৷ ইফালে সৰভোগ আৰু সৰ্থেবাৰী পৌৰসভাৰ সভাপতিৰ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে ৷

বৰপেটা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতি

আনহাতে হাউলী আৰু বৰপেটা ৰোডৰ পৌৰপতিৰ আসন মুকলি থাকিব ৷ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে জনোৱা মতে জিলাখনৰ ৫ খন পৌৰসভাৰ ৬২ টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ভোটাৰ আছে প্ৰায় ৯৪,২৪৯ গৰাকী ৷

বৰপেটা পৌৰসভাৰ ২২ টা ৱাৰ্ডৰ বিপৰীতে ভোটাৰৰ সংখ্যা ৩৭,২৯৩ গৰাকী, বৰপেটাৰোড পৌৰসভাৰ ১০ টা ৱাৰ্ডত আছে ২৯,২২৪ গৰাকী ভোটাৰ । ঠিক তেনেদৰে সৰ্থেবাৰীৰ ১০ ৱাৰ্ডত ৬,৩০৯ গৰাকী, সৰভোগৰ ১০ টা ৱাৰ্ডত আছে ৬,৮৭০ গৰাকী আৰু হাউলী পৌৰসভাৰ ১০ টা ৱাৰ্ডত আছে ১৪,৬৩৭ গৰাকী ভোটাৰ ৷

ইফালে পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে ধাৰ্য্য কৰা হৈছে কেতবোৰ নিয়ম ৷ জিলা উপায়ুক্তই জনোৱা মতে দুটাত কৈ অধিক সন্তান থকা সকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ৷ আনহাতে সাধাৰণ প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক আৰু অনুসূচিত জাতি আৰু জনজাতি প্ৰাৰ্থীসকল মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব ৷ ইয়াৰোপৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা প্ৰতিগৰাকী প্ৰাৰ্থীৰ ঘৰত চেনিটাৰী লেট্ৰিন থকাতো বাধ্যমূলক ৷

লগতে পঢ়ক :সমাগত পৌৰসভা নিৰ্বাচন সন্দৰ্ভত তিতাবৰ ৰাইজৰ মতামত

For All Latest Updates

ABOUT THE AUTHOR

...view details