জনীয়া, 29 অক্টোবৰ: বিগত বছৰবোৰত সফল সামৰণিৰ পাছত ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা আৰু নিৰবচ্ছিন্ন তাগিদাত আগন্তুক ১৫ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ ১১ দিনীয়া বাৰেবৰণীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে তৃতীয় নামনি অসম মহোৎসৱৰ ৷ মহোৎসৱৰ লগত সংগতি ৰাখি কুইজ,কবিতা আবৃত্তি,গোৱালপৰীয়া,কামৰূপীয়া,ভূপেন্দ্ৰ সংগীত,নজৰুল সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। আটক ধুনীয়া এখনি স্মৰণিকা প্ৰকাশৰো দিহা কৰা হৈছে।
তৃতীয় নামনি অসম মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি - তৃতীয় নামনি অসম মহোৎসৱ
কলগাছিয়াত তৃতীয় নামনি অসম মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। ১১ দিনীয়া বাৰেবৰণীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব এই মহোৎসৱ। উৎসৱৰ লগত সংগতি ৰাখি বাণিজ্য আৰু গ্ৰন্থ মেলাও অনুষ্ঠিত কৰা হ'ব।
তদুপলক্ষে অধিবক্তা শ্বহীদুল ইছলামক সভাপতি,ড° ফখৰুল আলমক কাৰ্যকৰী সভাপতি,অভিনেতা-সাংবাদিক নজমুল হকক মুখ্য সম্পাদক হিচাপে লৈ আৰু সাতখন উপ-সমিতিসহ এখন বৃহৎ শক্তিশালী পৰিচালনা সমিতি গঠন কৰা হয়। নামনি অসম মহোৎসৱ উদযাপন সম্পৰ্কে এক সংবাদমেল যোগে পৰিচালনা সমিতিৰ সভাপতি শ্বহীদুল ইছলামে সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। নামনি অসম মহোৎসৱৰ প্ৰস্তুতিয়ে কলগাছিয়াত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে,উক্ত মহোৎসৱত বাণিজ্য আৰু গ্ৰন্থমেলাও অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷