অসম

assam

ETV Bharat / state

Howli Raas 2022: ১ কোটি ১৬ লাখ টকাৰ বাজেটেৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি

৯৫ বৰ্ষত পদাৰ্পন কৰা হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ অহা ৭ নৱেম্বৰৰ পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব হাউলী ৰাস মহোৎসৱ (Preparation of Howli Raas Mahotsav) ৷ এই প্ৰস্তুতি সম্পৰ্কে সদৰি কৰিছে ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ।

Howli Raas 2022
১ কোটি ১৬ লাখ টকাৰ বাজেটেৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি

By

Published : Nov 6, 2022, 11:13 AM IST

বৰপেটা, ৬ নবেম্বৰ:বৰপেটা জিলাৰ কোঁচ ৰজা চণ্ডী বৰুৱাৰ ৰাজধানী হাউলীত অহা ৭ নৱেম্বৰৰ পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব হাউলী ৰাস মহোৎসৱ (Preparation of Howli Raas Mahotsav) ৷ ৯৫ বৰ্ষত পদাৰ্পন কৰা হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ এই ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে শনিবাৰে এক সংবাদ মেলত হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে সদৰি কৰিছে (Press Conference of Howli Raas Mahotsav Committee) ৷

ৰাস মহোৎসৱৰ মুখ্য সভাপতি ড৹ ভগীৰথ নাথৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে সংবাদমেলখনত মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে সদৰি কৰি কয় যে, মূল সমিতিৰ লগতে ১৬ খন উপ-সমিতিয়ে ৰাস মহোৎসৱৰ বাবে কাম কৰিছে (Howly rash press meet) ৷ শতাধিক শিল্পীয়ে ৪ ছেপ্টেম্বৰৰ পৰাই ৰাস মহোৎসৱৰ কামত ব্যস্ত হৈ আছে ৷ ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদৰ আখ্যান -উপাখ্যানৰ লগতে শ্ৰীকৃষ্ণৰ লীলা সমূহৰ ওপৰত ৪ শতাধিক মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰা হৈছে ৷

১ কোটি ১৬ লাখ টকাৰ বাজেটেৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি

আনহাতে, উদযাপন সমিতিয়ে জনোৱা মতে, এইবাৰৰ ৰাস মহোৎসৱৰ বাজেট প্ৰায় ১ কোটি ১৬ লাখ টকা ৷ ১৫দিনীয়া মহোৎসৱৰ আটাইকেইদিনৰ কাৰ্যসূচীতে কমেও ৫০ লাখ ভক্ত দৰ্শনাৰ্থীৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে মহোৎসৱ উদযাপন সমিতিয়ে ৷ আয়োজক সমিতিয়ে বিপুল জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা বুলি কয় ৷ ইয়াৰ বাবে চাৰি শ স্বেচ্ছাসেৱক নিয়োগৰ লগতে ৰাস মহোৎসৱস্থলীৰ বিভিন্ন স্থানত ৫০ টাৰো অধিক চিচি কেমেৰা স্থাপন কৰা হ'ব বুলি সদৰি কৰিছে ৷

ইপিনে,বৰপেটা সত্ৰৰ সদ্য প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ স্মৃতিত 'বহে ব্ৰহ্মাণ্ডক ভেদি' শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হৈছে (Vashishtha Dev Sharma) ৷ শ্ৰদ্ধাঞ্জলি, গুৰুবন্দনা, বৰগীত, বীৰনাম আদিৰ জৰিয়তে বুঢ়াসত্ৰীয়াগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব বুলিও সংবাদমেলত আয়োজক সমিতিয়ে কয় ৷

আনহাতে, ৰাস মহোৎসৱৰ মুখ্য সভাপতি ড৹ ভগীৰথ নাথে কয় যে, এইবেলি কলাগুৰু বঁটাপ্ৰাপক সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰক 'হাউলী বঁটা' প্ৰদান কৰা হ’ব ৷ মহোৎসৱৰ ১৫ দিনীয়া কাৰ্যসূচী অনুসৰি প্ৰতিদিনে বিভিন্ন সাংস্কৃতিক সমল পৰিবেশনৰ লগতে ২১ নৱেম্বৰৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মুম্বাইৰ প্ৰতিষ্ঠিত শিল্পী ৰাজা হাছান আৰু আচুৰ্য বৰপাত্ৰগোঁহায়ে অনুষ্ঠান পৰিবেশন কৰিব বুলিও উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:Rising Sun Water Fest 2022: জলক্রীড়াৰ প্ৰচাৰত অসম-মেঘালয় চৰকাৰে একেলগে কাম কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ

ABOUT THE AUTHOR

...view details