অসম

assam

By

Published : Jan 20, 2021, 10:20 PM IST

ETV Bharat / state

বৰপেটাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি

বৰপেটাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি ৷ সেই উদ্দেশ্যে কলগাছিয়া ফকৰুদ্দিন আলি আহমেদ সংহতি ভৱনত নৱজ্যোতি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম মোজাম্মেল হুছেইনৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ।

preparation-meeting-of-republic-day
বৰপেটাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি

জনীয়া, 20 জানুৱাৰী : অইন বছৰৰ দৰে এই বেলিও গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে কলগাছিয়াত । তদুপলক্ষে কলগাছিয়া ফকৰুদ্দিন আলি আহমেদ সংহতি ভৱনত নৱজ্যোতি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম মোজাম্মেল হুছেইনৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ।

সভাৰ দৃশ্য

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উদীয়মান যুৱ নেতা খণ্ডকাৰ আশ্ৰফুল মামুনে । সভাত গণৰাজ্য দিৱস উদযাপনৰ বাবে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিশ্বজিৎ দত্ত, ৰূপসী খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষ আৰু ৰূপসী খণ্ড শিক্ষা বিষয়া প্ৰৰেশ চন্দ্ৰ শৰ্মাক উপদেষ্টা, মোজাম্মেল হুছেইনক সভাপতি, নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ছুৰমান আলীক কাৰ্যকৰী সভাপতি, খণ্ডকাৰ আশ্ৰফুল মামুন আৰু ৰবিউল ৰছুল হকক সম্পাদক হিচাপে লৈ এখন পৰিচালনা কমিটী গঠন কৰা হয় ।

সভাত ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন, অৱসৰ প্ৰাপ্ত শিক্ষক ইছমাইল হুছেইন, অৱসৰ প্ৰাপ্ত শিক্ষক মৌলনা আব্দুল হামিদ, কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা আতোৱাৰ ৰহমান, সমাজকৰ্মী নজৰুল ইছলাম, শিৰাজ খানকে ধৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক ক্ষুৰধাৰ সমালোচনা অগপ মন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details