বৰপেটা, ২৮ ডিচেম্বৰ: ২০২২ চনৰ ২৫ জানুৱাৰীত দেশজুৰি পালন কৰা হ'ব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । ইতিমধ্যে অসমৰ জিলা জিলাই ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰশাসনে(Preparation for National Voters Day in Barpeta) । বৰপেটা জিলা প্ৰশাসনেও ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি কেতবোৰ অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিছে । ভোটদানৰ অধিকাৰ সন্দৰ্ভত ভোটাৰসকলক সজাগ কৰাৰ উদ্দেশ্যেৰে জিলা প্ৰশাসনে ব্যাপক সজাগতামূলক কাৰ্যসূচী হাতত লৈছে(Awareness program to mark National Voters Day) ।
মঙলবাৰে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এখন সংবাদমেল সম্বোধন কৰি জনায় যে, মঙলবাৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত বিদ্যালয়-মহাবিদ্যালয় পৰ্যায়ত নৃত্য আৰু গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । বিদ্যালয় পৰ্যায়ত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ ল'ব পাৰিব । এই প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত অহা ২ আৰু ৩ জানুৱাৰীত খণ্ড পৰ্যায়ত আৰু ৫ জানুৱাৰীত জিলা পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । জিলা পৰ্যায়ত বিজয়ীসকলে বঙাইগাঁৱত অনুষ্ঠিত হ'বলগীয়া মাণ্ডলিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ।
ইয়াৰ উপৰিও অহা ২ আৰু ৩ জানুৱাৰীত হাউলীৰ চন্দী বৰুৱা ষ্টেডিয়ামত ফুটবল প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । নিৰ্বাচন বিষয়া ময়ুৰাক্ষী দত্ত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত আজিৰ সংবাদমেল উপস্থিত থাকে ।