অসম

assam

ETV Bharat / state

Diwali 2023 : দীপাৱলীৰ আকাশ পোহৰাবলৈ বৰপেটাৰ কাৰু শিল্পীসকল - Fireworks manufacturer Perpetration

মাজত আৰু কেইটামান দিনহে বাকী ৷ সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ পোহৰৰ উৎসৱ দীপাৱলীক লৈ ব্যস্ততা বাঢ়িছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ বৰপেটাৰ কাৰু শিল্পীসকল ৷

Diwali 2023
পোহৰৰ উৎসৱ দীপাৱলী

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 12:29 PM IST

সমাগত পোহৰৰ উৎসৱ দীপাৱলী

বৰপেটা, ৭ নৱেম্বৰ : সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ দীপাৱলীৰ দিনা আকাশ পোহৰাবলৈ ইতিমধ্যে সাজু হৈ উঠিছে বৰপেটাৰ ঐতিহ্যপূৰ্ণ থলুৱা আতচবাজী শিল্প ৷ ইতিমধ্যে বিভিন্ন প্ৰকাৰৰ আতচবাজী প্ৰস্তুতৰ কামত ব্যস্ত হৈ পৰিছে থলুৱা কাৰু শিল্পীসকল ৷

দীপাৱলীৰ আকাশ পোহৰাবলৈ বৰপেটাৰ কাৰু শিল্পীসকলে দিনে নিশাই ব্যস্ত হৈ আছে কলগছ, মতা, আছমান গোলা, চেৰেকী, মতাৰ গছ, চকলেট বম, হাজাৰ পাট্টাকে আদি কৰি বিভিন্ন আতচবাজী প্ৰস্তুতৰ কামত ৷ বিগত বছৰবোৰৰ তুলনাত এইবেলি আতচবাজী প্ৰস্তুতৰ ক্ষেত্ৰত অধিক আশাবাদী শিল্পটোৰ সৈতে জড়িত লোকসকল ৷

যোৱা বছৰ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুৰ পিচত সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ উপৰিও প্ৰতিকুল বতৰৰ বাবে আতচবাজীৰ বিক্ৰীত ব্যাপক প্ৰভাৱ পৰিছিল ৷ ফলত বিগত বছৰ দীপাৱলীৰ বাবে প্ৰস্তুত কৰা বৃহৎ পৰিমাণৰ আতচবাজী বিক্ৰী নোহোৱাকৈয়ে ৰৈ গৈছিল ৷ কিন্তু এইবেলি আতচবাজী শিল্পৰ সৈতে জড়িত লোকসকলে এই ব্যৱসায় ভাল হ’ব বুলি অতি আশাৰে আতচবাজী নিৰ্মাণৰ কামত জড়িত হৈ পৰিছে ৷

পোহৰৰ উৎসৱ দীপাৱলীক লৈ ব্যস্ততা বৃদ্ধি

ইপিনে নানা প্ৰতিকূলতা আৰু সমস্যাৰ মাজত শিল্পটো জীয়াই ৰখাৰ সংগ্ৰামত ব্যস্ত হৈ পৰিছে থলুৱা শিল্পীসকল ৷ বিশেষকৈ কেঁচা সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ ফলত বজাৰ দখলৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে শিল্পীসকল ৷ বহিঃৰাজ্যৰ সামগ্ৰীৰ লগত ফেৰ মাৰি আতচবাজীৰ বজাৰখনৰ দখল কৰাত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে শিল্পীসকল ৷

এইবেলি অধিক উৎসাহেৰে শিল্পীসকলে কাম আৰম্ভ কৰিছিল যদিও মূল্যবৃদ্ধিয়ে সমস্যাত পেলাইছে শিল্পীসকলক ৷ ফলত সত্ৰনগৰী বৰপেটাৰ ঐতিহ্যপূৰ্ণ থলুৱা শিল্পটো বচাই ৰখাৰ বাবে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে শিল্পটোৰ সৈতে জড়িত পৰিয়ালসমূহে ৷

১৮৮৫ চনত বৰপেটাৰ পাঠক বংশৰ লক্ষী পাঠকে আৰম্ভ কৰিছিল এই আতচবাজী শিল্পটো ৷ বিভিন্ন সমস্যাৰ মাজতো বৰপেটাৰ পাঠক বংশৰ নৱ প্ৰজন্মই শিল্পটো জীয়াই ৰখাৰ চেষ্টাত ব্ৰতী হৈ আছে ৷ শতিকা প্ৰাচীন বৰপেটাৰ আতচবাজী শিল্পই নিজৰ ঐতিহ্য আৰু গৰিমা বহন কৰি আহিছে যদিও শিল্পটোৰ উন্নয়ন আৰু বিকাশ যি ধৰণে হ’ব লাগিছিল এতিয়ালৈ তেনেধৰণে বিকাশৰ হোৱা নাই শিল্পটো ৷

লগতে পঢ়ক :Diwali 2023 : সমাগত দীপাৱলী; মাটিৰ চাকি নিৰ্মাণত ব্যস্ত দুইনৈমুখ কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকল

ABOUT THE AUTHOR

...view details