বৰপেটা, ১২ ডিচেম্বৰ: ৰাজ্যত পুনৰ উমি উমি জ্বলিছে 'কা' আন্দোলনৰ জুইকুৰা । ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ ঠায়ে ঠায়ে সভা অনুষ্ঠিত কৰাৰ বিপৰীতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে জাতীয় সংগঠনসমূহে । শনিবাৰে বৰপেটাত 'কা' বিৰোধী প্ৰতিবাদী সভাৰ আয়োজন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিয়ে । ইয়াৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি 'কা' আন্দোলনৰ সময়ৰ ৫ গৰাকী শ্বহীদক স্মৰণ কৰে ।
বৰপেটাত 'কা' আন্দোলনৰ ৫ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি - saturday
'কা' আন্দোলন অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ । 'কা' আন্দোলনৰ সময়ৰ ৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।
'কা' আন্দোলন অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ সংকল্প লয় সংগঠনটোৰ নেতা-কৰ্মীয়ে । লগতে কৃষকনেতা অখিল গগৈক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী তোলে সংগঠনটোৱে ৷
লগতে পঢ়ক:ৰাজ্যত দেখা দিছে আন এক মহামাৰী ডিফথেৰিয়া