বৰপেটাৰোড 16 জুন: শেহতীয়াকৈ BTRত দুটাকৈ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যক প্ৰত্যুত্তৰ BTC ৰ মুখ্যকাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ । হাগ্ৰামা মহিলাৰীয়ে দাবী কৰিছিল যে, BPF ৰ শাসন কালত বড়োভূমিত কোনো উগ্ৰপন্থী সংগঠনৰ জন্ম হোৱা নাছিল ৷ তাৰ বিপৰীতে প্ৰমোদ বড়োৰ নেতৃত্বত বিগত আঢ়ৈ বছৰীয়া শাসন কালত দুটাকৈ উগ্ৰপন্থী সংগঠনৰ জন্ম হ’ল ৷
প্ৰাক্তন BTC প্ৰধান তথা BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কৰা এই মন্তব্যৰ পিচতে শুকুৰবাৰে হাগ্ৰামা মহিলাৰীক উভতি ধৰে বৰ্তমানৰ BTC প্ৰধান প্ৰমোদ বড়োৱে । সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে কয় যে, হাগ্ৰামা মহিলাৰীৰ শাসন কালতেই ডাঙৰ ডাঙৰ উগ্ৰপন্থী সংগঠন আছিল আৰু কিয় উগ্ৰপন্থী সংগঠনৰ জন্ম হ’ব লাগে ৷ ‘‘2003 চনৰ পৰা 2020 চনলৈ কিমান ঘটনা সংঘটিত হ’ল ! জাতিগত সংঘর্ষ, মানুহ মৰা মৰি হ’ল, কিমান ঘৰ জ্বলিল ৷ তাৰপাছতো আৰু উগ্ৰপন্থী লাগে নেকি’’ বুলিও প্ৰশ্ন কৰে প্ৰমোদ বড়োৱে ৷
হাগ্ৰামা মহিলাৰীয়ে একো কৰা নাছিল বুলি উল্লেখ কৰি UPPL দলে 2020 চনত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত শান্তি চুক্তি কৰাৰ পাচতহে শান্তি ঘূৰি আহিল বুলিও দাবী কৰে ৷ বিগত দুটা বৰ্ষত নিশা এক বজালৈ মানুহ মুকলিকৈ ঘুৰিব পাৰিছে বুলি উল্লেখ কৰে বড়োৱে । BTRত নতুন সশস্ত্ৰ সংগঠন জন্ম হোৱাকলৈ প্ৰমোদ বড়োৱে কয়, এইবিলাক সংগঠন নহয়, পাঁচ ছয় জন ল'ৰা লগ হৈ বাহিৰত গৈ হাল্লা কৰিছে ৷ সেইটো কোনো উগ্ৰপন্থী হ’ব নোৱাৰে ৷