বৰপেটা, ২৮ ডিচেম্বৰ: সোমবাৰে পুৱাই নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত উপস্থিত হ'ল বিটিচিৰ নৱ নিৰ্বাচিত চীফ প্ৰমোদ বড়ো । আধ্যাত্মিক গুৰু প্ৰেমানন্দ প্ৰভুৰ আশীষ ল'লে প্ৰমোদ বড়োৱে । নতুন দায়িত্ব লাভ কৰাৰ পিছতে গুৰুৰ আশীষলৈ আগন্তুক দিনত ৰাইজক সেৱা আগবঢ়াই যোৱাৰ সংকল্প লৈছে বিটিচিৰ নৱ নিৰ্বাচিত চীফগৰাকীয়ে । তেওঁ কয় যে,আধ্যাত্মিক চিন্তাৰে তেওঁ বড়োভূমিত শাসন কাৰ্য চলাই নিব ।
মানুহৰ মনত আধ্যাত্মিকতা থাকিলেহে সু-শাসনৰ আশা কৰিব পাৰি বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে । বড়োভূমিত হিংসাক প্ৰশ্ৰয় দিয়া নহ'ব বুলি কোৱাৰ লগতে এই ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰা হ'ব বুলিও তেওঁ ব্যক্ত কৰে ।