অসম

assam

ETV Bharat / state

পাঁচটা বছৰত সাংসদ হিচাপে ব্যৰ্থ হীৰা শৰণীয়াঃ প্ৰমিলাৰাণী ব্ৰহ্ম - Pramila Rani

সৰভোগত প্ৰমিলাৰাণী ব্ৰহ্ম ৷ বৰ্তমানৰ সাংসদ হীৰা শৰণীয়াক তীব্ৰ ভাষাৰে কটাক্ষ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীগৰাকীৰ ৷

পাঁচটা বছৰত সাংসদ হিচাপে ব্যৰ্থ হীৰা শৰণীয়াঃ প্ৰমিলাৰাণী ব্ৰহ্ম

By

Published : Apr 13, 2019, 11:32 PM IST

বৰপেটা, 13 এপ্ৰিল : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰত্যেকটো ৰাজনৈতিক দল ৷ শনিবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বৰপেটাৰ সৰভোগ উপস্থিত হয় 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি-অগপ বি পি এফ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্ম ৷

পাঁচটা বছৰত সাংসদ হিচাপে ব্যৰ্থ হীৰা শৰণীয়াঃ প্ৰমিলাৰাণী ব্ৰহ্ম

সৰভোগত উপস্থিত হৈ বৰ্তমানৰ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয় মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ৷ তেওঁ কয় যে, হীৰা শৰণীয়া সাংসদ হিচাপে বিগত পাঁচটা বছৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ এইবাৰ কোকঝাৰবাসী ৰাইজে বিপুল ভোটেৰে বিপি এফক জয়ী কৰাব বুলিও মন্তব্য কৰে প্ৰমীলাৰাণীয়ে ৷

ABOUT THE AUTHOR

...view details