অসম

assam

ETV Bharat / state

হাগ্ৰামা অবিহনে কোনেও বি টি এ ডি চলাব নোৱাৰেঃ প্ৰমিলা ৰাণী ব্ৰহ্ম - হাগ্ৰামা মহিলাৰী

CAB অসমৰ থলুৱা জনগোষ্ঠীয় লোক সকলৰ কাৰণে যাতে গ্ৰহণযোগ্য হয় তাৰ বাবে কামনা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্মই ৷ হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল ন'হলে বিটিএডি কোনেও ভালদৰে চলাব নোৱাৰে বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

প্ৰমিলা ৰাণী ব্ৰহ্ম
হাগ্ৰামা অবিহনে কোনেও বি টি এ ডি চলাব নোৱাৰেঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

By

Published : Dec 2, 2019, 10:27 PM IST

বৰপেটা, 2 ডিচেম্বৰঃবাক্সাৰ মথনগুৰীৰ কাটাঝাৰত অনুষ্ঠিত এক দলীয় সভাত সোমবাৰে অংশগ্ৰহণ কৰে সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ দলীয় সভাত অংশলৈ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই ৷ মন্ত্ৰী গৰাকীয়ে কয় যে, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি টি এ ডিত উন্নয়নৰ ধাৰা অব্যাহত আছে ৷ হাগ্ৰামা অবিহনে কোনেও বি টি এ ডি চলাব নোৱাৰে ৷

আনহাতে, কেব সন্দৰ্ভত প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে, CAB অসমৰ থলুৱা জনগোষ্ঠীয় লোকসকলৰ বাবে যাতে গ্ৰহণযোগ্য হয় তাৰে কামনা কৰিছে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল ন'হলে বিটিএডি কোনেও ভালদৰে চলাব নোৱাৰে বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

হাগ্ৰামা অবিহনে কোনেও বি টি এ ডি চলাব নোৱাৰেঃ প্ৰমিলা ৰাণী ব্ৰহ্ম
উল্লেখ্য যে, বিপিএফৰ এই সভাত কংগ্ৰেছ, বিজেপি আৰু ইউপিপি এল দলৰ পৰা অহা প্ৰায় শতাধিক লোকে বি পি এফ দলত যোগদান কৰে ৷ সভাত মথনগুৰী সমষ্টিৰ এম চি এল গৌতম দাস বিপিএফৰ প্ৰবীণ নেত্ৰী বেগম আখতাৰা আহমেদ মথনগুৰী ব্লক বি পি এফৰ সম্পাদক খনিন্দ্ৰ ব্ৰহ্ম আদিকে ধৰি কেইবাগৰাকী বিপিএফ দলৰ নেতা কৰ্মী উপস্থিত থাকে ৷

আৰু পঢ়কঃ ৰাজ্যজুৰি উদযাপন "অসম দিৱস"

ABOUT THE AUTHOR

...view details