বৰপেটা, ২৪ জুলাইঃ শুকুৰবাৰে বান পৰিস্থিতিৰ বুজ ল’বলৈ বৰপেটাত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ তেওঁ জিলাখনত উপস্থিত হৈ আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি চৰকাৰক বিশেষ ব্যৱস্থা ল’বলৈ আহ্বান জনায় ৷ লগতে তেওঁ মুখ্যমন্ত্ৰী হৈ থকা দিনত অসমৰ বানপীড়িত ৰাইজে বান পানীৰ সময়ৰ পৰা আৰম্ভ কৰি বান শেষ হোৱাৰ 6 মাহৰ পিচলৈ বান সাহায্য লাভ কৰি আছিল বুলি উল্লেখ কৰে ৷
বান পৰ্যবেক্ষণৰ পাচত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ ১৯৫০ চনৰ পৰাই অসমৰ ৰাইজে বান খহনীয়া সমস্যাৰ সন্মুখীন হৈ অহাৰ প্ৰসংগ উত্থাপন কৰে ৷ বান খহনীয়া সমস্যা সমাধনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক সহায় আগবঢ়াবলৈয়ো আহ্বান জনোৱাৰ লগতে কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰা সাহায্য পুঁজিৰে বানপীড়িতক সাহায্য দিবলৈ আহ্বান জনায় প্ৰফুল্ল কুমাৰ মহন্তই ৷