বৰপেটা, ১৮ অক্টোবৰ:দীপাৱলীৰ সময়ত বৰপেটাৰ থলুৱা আতচবাজীয়ে উৎসৱৰ আনন্দ দুগুণে বঢ়াই তোলে ৷ বিশেষকৈ বৰপেটাত থলুৱাভাৱে প্ৰস্তুত কৰা আতচবাজী শিল্পৰ সমগ্ৰ দেশতে আছে এক বিশেষ পৰিচিতি ৷ বৰপেটাৰ এই থলুৱা আতচবাজী শিল্পৰ (Local cracker industry of Barpeta) সৈতে জড়িত হৈ আছে বৰপেটাৰ মৃৎ শিল্পীসকলো ৷ বিশেষকৈ কলগছ ( Kalgas cracker of Barpeta) নামৰ আতচবাজীবিধ প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা মাটিৰ খোলাটো নিৰ্মাণ কৰে বৰপেটাৰ মৃৎ শিল্পীসকলে ৷
সম্প্ৰতি বৰপেটাৰ গান্ধীনগৰৰ মৃৎ শিল্পীসকল (Pottery artist of Barpeta) কলগছ প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা মাটিৰ খোলা নিৰ্মাণৰ কামত জড়িত হৈ পৰিছে ৷ এই মৃৎ শিল্পীসকলৰ মাটিৰ পাত্ৰ নিৰ্মাণেই তেওঁলোকৰ উপাৰ্জনৰ প্ৰধান আহিলা ৷ গোটেই বছৰ এই শিল্পীসকলে এনেদৰে মাটিৰ পাত্ৰ নিৰ্মাণ কৰে যদিও দীপাৱলীৰ সময় এওঁলোকৰ ব্যস্ততা বহুত বেছি । কাৰণ দীপাৱলীৰ সময়তে বেছিকৈ প্ৰয়োজন হয় মাটিৰে নিৰ্মিত কলগছৰ এই পাত্ৰসমূহ ৷
বৰপেটাৰ এইসকল মৃৎ শিল্পীয়ে (Pottery art in Barpeta) নিৰ্মাণ কৰা কলগছৰ বাবে প্ৰয়োজনীয় মাটিৰ খোলাতো বৰপেটাৰ,বঙাইগাঁও,নলবাৰী আদি জিলাৰ পৰা আগতীয়াকৈ অৰ্ডাৰ লাভ কৰে এই শিল্পীসকলে ৷ বিভিন্ন দামৰ পাত্ৰ নিৰ্মাণ কৰি যোগান ধৰি আহিছে অতচবাজী প্ৰস্তুত কৰা ব্যৱসায়ীসকলক ৷