অসম

assam

By

Published : Jul 31, 2020, 10:58 PM IST

ETV Bharat / state

বৰপেটা সত্ৰ সংযোগী পথৰ দুৰৱস্থা: পথচাৰীৰ হাৰাশাস্তি

পথৰ দুৰৱস্থাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে বৰপেটাবাসী ৷ নলা নিৰ্মাণৰ নামত বিগত 7 বছৰে স্থানীয় ৰাইজে চৰম প্ৰহসনৰ সন্মুখীন হোৱা সত্বেও কিন্তু অঞ্চলটোত সম্পূৰ্ণ নহ’ল নলা নিৰ্মাণৰ কাম ৷ সম্প্ৰতি ঠিকাদাৰ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে চহৰবাসী ৷

Poor situation of barpeta satra connecting pwd road barpeta assam etv bharat news
পথৰ দুৰৱস্থা

বৰপেটা,৩১ জুলাই: ঐতিহ্যমণ্ডিত সত্ৰ নগৰী বৰপেটাত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিছে বৰপেটাবাসীয়ে ৷ বিশেষকৈ সত্ৰলৈ যোৱা মুখ্য পথটোত নলাৰ নিৰ্মাণৰ নামত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ লগতে এখন বাঁহৰ সাঁকোৰে পথচাৰীসকলে যাতায়াত কৰিবলগীয়া হোৱাত সন্মুখীন হৈছে হাৰাশাস্তিৰ ৷ বিভিন্ন সময়ত সত্ৰখনলৈ আগমণ ঘটে ভক্তৰ লগতে দেশী-বিদেশী পৰ্যটকৰ ৷ উল্লেখ্য যে,নলা নিৰ্মাণৰ নামত বিগত 7 বছৰে চৰম প্ৰহসনৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷ কিন্তু তথাপিও অঞ্চলটোত সম্পূৰ্ণ নহ’ল নলা নিৰ্মাণৰ কাম ৷ জানিব পৰা মতে,২০১৪ চনতে ১৮ কোটি টকাৰ ব্যয় সাপেক্ষে এক আঁচনিৰ জৰিয়তে বৰপেটা পৌৰসভাই চহৰখনত আৰম্ভ কৰিছিল নলা নিৰ্মাণৰ কাম ৷ সেই সময়ৰ পৰা বৰ্তমানলৈকে পৌৰসভাৰ দুখনকৈ নিৰ্বাচিত সমিতিৰ কাৰ্যকাল উকলি যায় যদিও অসম্পূৰ্ণ হৈ ৰৈ যায় এই কাম ৷

বৰপেটা সত্ৰ সংযোগী পথৰ দুৰৱস্থা

দীৰ্ঘদিনে এনেদৰে পৰি ৰোৱা কামৰ পুনৰ নিৰ্মাণৰ কাম দায়িত্বত থকা ঠিকাদাৰে আৰম্ভ কৰে বাৰিষাৰ আগমনৰ পূৰ্বেহে ৷ কিন্তু নলা নিৰ্মাণৰ বাবে মূল পথটো খন্দাৰ পিছতে আৰম্ভ হোৱা ভৰ বাৰিষাৰ বাবে ঠিকাদাৰে পুনৰায় প্ৰায় দুমাহ ধৰি পেলাই থয় নলা নিৰ্মাণৰ সকলো কাম ৷ সম্প্ৰতি ঠিকাদাৰ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে চহৰবাসী ৷ তদুপৰি বাঁহৰ সাঁকোখনেৰে কোনো বাহন পাৰ হ’ব নোৱাৰাত পথচাৰীসকলে খোজকাঢ়িয়ে পাৰ হ’বলগীয়া হৈছে উক্ত পথছোৱা ৷ এটি যাতায়াতৰ অনুকুল পথৰ দাবী তোলা বৰপেটাবাসীৰ সমস্যাৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষৰ লগতে দায়িত্বত থকা ঠিকাদাৰে কেতিয়াকৈ গুৰুত্ব দিব সেয়া সম্প্ৰতি অনিশ্চয়তাৰ দিশত ৷

লগতে চাওকঃধুবুৰীত স্বামীগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

ABOUT THE AUTHOR

...view details