অসম

assam

ETV Bharat / state

জনীয়াত গড়কাপ্তানী পথ নিৰ্মাণক লৈ কাণসাৰ নাই জনপ্ৰতিনিধিৰ

10 দিন পূৰ্বে সালেকুৰা-জনীয়া বজাৰ জামে মছজিদৰ সমুখৰ অতিকৈ ব্যস্ততাপূৰ্ণ জনীয়া-হাউলি গড়কাপ্তানী পথ পানীৰ কোবাল সোঁতত ছিঙি পৰে ৷ যাৰ বাবে সালেকুৰা,ডাউকমাৰী,জনীয়া,বাংলীপাৰা,ছাপৰা আদি অঞ্চলৰ ৰাইজ সন্মুখীন হ'ব লগা হৈছে সমস্যাৰ ৷ কিন্তু কথাপিও কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিৰ ৷

By

Published : Jul 20, 2020, 4:42 PM IST

POOR ROAD CONSTRUCTION IN  JANIA
জনীয়াত গড়কাপ্তানী পথ নিৰ্মাণক লৈ কাণসাৰ নাই জনপ্ৰতিনিধিৰ

জনীয়া, 20 জুলাইঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বানৰ তাণ্ডৱ ৷ প্ৰলয়ংকৰী বানৰ কবলত ৰাজ্যৰ ভিন্ন স্থান ৷ উজনি-নামনি সমগ্ৰ অসমতে বানপানীৰ বিভীষিকাৰ ফলত জীয়াতু ভুগিছে সৰ্বসাধাৰণ ৰাইজ ৷ তেনে সময়তে পানীৰ কোবাল সোঁতে গড়কাপ্তানী পথ ছিঙি নিয়াৰ ফলত এতিয়া যমৰ যাতনা ভুগিব লগা হৈছে জনীয়াবাসীয়ে ৷

জনীয়াত গড়কাপ্তানী পথ নিৰ্মাণক লৈ কাণসাৰ নাই জনপ্ৰতিনিধিৰ

জানিব পৰা মতে,10 দিন পূৰ্বে সালেকুৰা-জনীয়া বজাৰ জামে মছজিদৰ সমুখৰ অতিকৈ ব্যস্ততাপূৰ্ণ জনীয়া-হাউলি গড়কাপ্তানী পথ পানীৰ কোবাল সোঁতত ছিঙি পৰে ৷ যাৰ বাবে সালেকুৰা,ডাউকমাৰী,জনীয়া,বাংলীপাৰা,ছাপৰা আদি অঞ্চলৰ ৰাইজ সন্মুখীন হ'ব লগা হৈছে সমস্যাৰ ৷ কিন্তু কথাপিও কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিৰ ৷ আনকি ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ জনীয়া গাঁও পঞ্চায়তৰ সভাপতি ছাবেদ আলীৰ বিৰুদ্ধে ৷ ইয়াৰ উপৰি সভাপতি গৰাকী দুৰ্নীতিত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অতি শীঘ্ৰে বৰপেটাৰ গড়কাপ্তানী বিভাগৰ লগতে জনীয়া গাঁও পঞ্চায়তৰ সভাপতি ছাবেদ আলীক ছিঙি যোৱা পথচোৱা নিৰ্মাণ কৰি যাতায়তৰ সুবিধা কৰি দিবলৈ দাবী জনাইছে এতিয়া জনীয়াবাসীয়ে ৷

লগতে পঢ়কঃপূৱ বিলাসীপাৰাত ৰেচন কাৰ্ডৰ নামত ভংয়কৰ জালিয়াতি

ABOUT THE AUTHOR

...view details