অসম

assam

ETV Bharat / state

জনীয়া সমষ্টিৰ কলগাছিয়াত পথৰ জৰাজীৰ্ণ অৱস্থা

ৰাজ্যত পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰখনে সৰ্বাংগীণ উন্নয়নৰ ঢাক-ঢোল বজাই আহিলেও প্ৰকৃততে উন্নয়নৰ বাস্তৱ ছবিখন উদঙাই দিছে ৰাজ্যৰ পথৰ জৰাজীৰ্ণ অৱস্থাই । এইবাৰ পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খুৱাইছে জনীয়া সমষ্টিৰ কলগাছিয়াৰ সৰ্বসাধাৰণ ৰাইজক ।

Poor Road Condition at Jonia
জনীয়া সমষ্টিৰ কলগাছিয়াত পথৰ জৰাজীৰ্ণ অৱস্থা

By

Published : Sep 11, 2020, 5:19 PM IST

জনীয়া, 11 ছেপ্তেম্বৰ:জনীয়া সমষ্টিৰ কলগাছিয়া জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক । বিগত 10 বছৰে মেৰামতি নহ’ল এখন পথ। কুম্ভকৰ্ণ নিদ্ৰাত বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু গড়কাপ্তানী বিভাগ। ৰাজ্যত পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰখনে সৰ্বাংগীণ উন্নয়নৰ ঢাক-ঢোল বজাই আহিলেও প্ৰকৃততে উন্নয়নৰ বাস্তৱ ছবিখন উদঙাই দিছে ৰাজ্যৰ পথৰ জৰাজীৰ্ণ অৱস্থাই ।

কলগাছিয়াত পথৰ জৰাজীৰ্ণ অৱস্থা

তাৰে এক বাস্তৱ ছবি দাঙি ধৰিছে গুনীয়ালগুৰিৰ পৰা দাবন্দীয়া হৈ বালাগাঁও বজাৰলৈ যোৱা পথটোৱে । উক্ত পথটো যোৱা 10 বছৰে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পুখুৰী সদৃশ হৈ পৰিছে যদিও আজিকোপতি পথটো মেৰামতি বা পুনৰ নিৰ্মাণ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই জিলা প্ৰশাসন বা গড়কাপ্তানী বিভাগে। ফলত সাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ।

ৰাস্তা মেৰামতি কৰি দিয়াৰ দাবী ৰাইজৰ

উল্লেখ্য যে,গুনীয়ালগুৰিৰ পৰা বালাগাঁও বজাৰ অভিমুখে সংযোগী একমাত্ৰ ৰাস্তাটো বিগত ছয় বছৰে সম্পূৰ্ণ কৰিব পৰা নাই গড়কাপ্তানী বিভাগে । বৰষুণ পৰিলেই পুখুৰীলৈ ৰূপান্তৰিত হয় সদা ব্যস্ত পথটো । যাৰ বাবে স্থানীয় ৰাইজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে । আনকি এই ৰাস্তাত বহু দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱতিবলগীয়া হৈছে বহুজনে ।

এই ক্ষেত্ৰত ৰাইজে বৰপেটাৰ সাংসদ আব্দুল খালেক,স্থানীয় বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু স্থানীয় প্ৰতিনিধি সকলক বহুবাৰ অৱগত কৰিছে যদিও এতিয়ালৈ কোনো এজনে এই বিষয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে যমৰ-যাতনাত ভুগিব লগা হৈছে সাধাৰণ ৰাইজে । এতিয়া ৰাইজৰ চৰকাৰৰ ওচৰত এটাই অনুৰোধ অতি সোনকালে যাতায়তৰ সূচল হোৱাকৈ ৰাস্তাখন যাতে মেৰামতি কৰি দিয়ে ৷

লগতে চাওক-পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে মৰাণত ধন আত্মসাৎ কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details