জনীয়া, 25 জুনঃবৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰভিঠাৰ বিধ্বস্ত পথে জলা কলা খুৱাইছে অঞ্চলটোৰ ৰাইজক ৷ যাৰ বাবে অতিষ্ঠ হৈ স্থানীয় ৰাইজৰ লগতে জিলা সংখ্যালঘু ছাত্ৰ সন্থাৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত পথটোত দীৰ্ঘ দিনে প্ৰকাণ্ড-প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ বাবে এতিয়া জলা-কলা খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজে ৷
বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰভিঠা গাঁও পঞ্চায়তৰ এলেকাৰ বৰভিঠা বজাৰৰ পৰা আপৰূপী বৰতাৰীলৈ সংযোগী পথটো এতিয়া জৰাজীৰ্ণ অৱস্থা ৷ উক্ত পথটো মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতবোৰৰ বাবে ইতিমধ্যে দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে । আনকি এজাক বৰষুণ দিলেই স্কুললৈ যোৱাৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকল । উক্ত ঘটনাত ক্ষুব্ধ হৈ বৰপেটা জিলা সংখ্যা লঘু ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে পথটোত সৃষ্টি হোৱা গাঁতত জাল মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷