জনীয়া, 20 আগষ্টঃ বৰপেটা জিলাৰ অন্তৰ্গত বাঘবৰ বিধানসভা সমষ্টিৰ গোপালপুৰ - ৰহমপুৰ সংযোগী মূল পথটো বিগত পাঁচ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ লগতে বানপানীৰ ফলত ঠায়ে ঠায়ে ভাঙি যোৱাত যমৰ যাতনা ভুগিব লগা হৈছে অঞ্চলটোৰ ৰাইজে । বানপানীৰ ফলত পথটোৰ এটা বিশেষ অংশ ছিঙি যোৱাত বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে টুলুঙা নাৱেৰে যাতায়ত কৰিব লগা হৈছে ৷
বৰপেটাত বিধ্বস্ত পথঃ ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ - গোলাপ হুছেইন ঠিকাদাৰ
বৰপেটা জিলাৰ অন্তৰ্গত গোপালপুৰ - ৰহমপুৰ সংযোগী মূল পথটো বিগত পাঁচ বছৰ ধৰি হৈ আছে জৰাজীৰ্ণ, টুলুঙা নাৱেৰে যাতায়ত কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজৰ

বাঘবৰ বিধানসভা সমষ্টি
বৰপেটাত বিধ্বস্ত পথঃ ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ
উল্লেখ্য যে, 2018-19 বৰ্ষত ৰাস্তাটো মেৰামতিৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম স্বৰাজ যোজনাৰ অধীনত চৰকাৰে বহু লাখ টকা আৱন্টন দিছিল যদিও নামমাত্ৰ কাম কৰি গোলাপ হুছেইন নামৰ এজন ঠিকাদাৰে সমগ্ৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ সেয়ে অতি শীঘ্ৰে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ জনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ আৰু পথটো পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷