অসম

assam

ETV Bharat / state

প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ জাকিৰ হুছেইন শিকদাৰ, ৰাইজক উপহাৰ ভঙা দলং

সৰুক্ষেত্ৰীত মৰণক শৰণ কৰি ভগা দলঙৰে যাতায়াত যাত্ৰাা স্থানীয় ৰাইজৰ ৷ বছৰ বছৰ ধৰি দলং খনৰ মেৰামতিৰ বাবে চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নোলোৱা অভিযোগ বিভিন্ন দল সংগঠনৰ ৷ অতি শীঘ্ৰে দলং খনৰ মেৰামতি কৰি দিবলৈ স্থানীয় জন প্ৰতিনিধিৰ লগতে চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

ETV BHARAT
সৰুক্ষেত্ৰীত ভগা দলঙৰে ভয়ংকৰ যাত্ৰা ৰাইজৰ

By

Published : May 30, 2020, 3:55 PM IST

বৰপেটা, ৩০ মে' :বৰপেটা জিলাৰ সৰুক্ষেত্ৰীত এখন ভগা কাঠৰ দলঙেৰেই যাতায়াত কৰি থাকিব লগীয়া হৈছে ৰাইজে ৷ দলংখন কোন মুহুৰ্তত ভাগি পৰিব তাৰ কোনো নিশ্চয়তা নাই ৷ এনে অৱস্থাত ইয়াৰ মেৰামতি নকৰাত ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷

বৰপেটাৰ ভক্তৰডবাৰ পৰা ৰাজাখাটলৈ যোৱা গড়কাপ্তানি পথৰ ৰঙিয়া গাঁৱৰ টিহু নদীৰ ওপৰত থকা কাঠৰ দলংখনক লৈ হাহাকাৰ স্থানীয় ৰাইজৰ ৷ বছৰ বছৰ ধৰি এই ভগা কাঠৰ দলংখনেৰেই যাতায়াত কৰিবলগা হৈছে অঞ্চলটোৰ ৰাইজ ৷ দলংখনৰ অৱস্থা ইমানেই বেয়া যে খোজ কাঢ়ি যাবলৈ ভয় ৷ কোন মুহুৰ্তত দলংখন ভাঙি পৰিব তাৰ কোনো নিশ্চয়তা নোহোৱা বুলি অভিযোগ কৰিছে স্থানীয় বিভিন্ন দল সংগঠনে ৷ প্ৰায় দহ বছৰ ধৰি এনেদৰে জৰাজীৰ্ণ হৈ আছে দলংখন ৷

এই দলংখন পকীকৰণ কৰি দিবলৈ ৰাইজে দীৰ্ঘদিন ধৰি স্থানীয় জনপ্ৰতিনিধিক আহ্বান জনাই আহিছিল যদিও কোনো এজন জনপ্ৰতিনিধিয়ে উক্ত দলংখনৰ মেৰামতিৰ ব্যৱস্থা নকৰা বুলি গুৰুতৰ অভিযোগ তুলিছে ৰাইজে ৷ ফলত এতিয়া এই জৰাজীৰ্ণ দলংখনক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ ৷ আনহাতে, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে নিৰ্বাচিত হৈয়ে প্ৰথমতে এই দলংখন পকীকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷

সৰুক্ষেত্ৰীত ভগা দলঙৰে ভয়ংকৰ যাত্ৰা ৰাইজৰ

কিন্তু প্ৰায় চাৰিটা বছৰ পাৰ হৈ যোৱাৰ পিচতো বিধায়কগৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰিলে । বছৰ বছৰ ধৰি দলংখন পকীকৰণ কৰাৰ ক্ষেত্ৰত স্থানীয় বিধায়কৰ লগতে ৰাজ্যৰ গড়কাপ্তানি বিভাগক আহ্বান কৰিছিল যদিও এতিয়ালৈ মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহন নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন ৷ অতি শীঘ্ৰে যদি বিধায়কজনে কোনো ব্যৱস্থা গ্ৰহন নকৰে, তেন্তে পথ অৱৰোধ কৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-লকডাউনৰ নিয়ম উলংঘা কৰি মহানগীৰত সুৰামত্ত গাড়ীচালকৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details