বৰপেটা, 29 মেঃ বৰপেটাৰ বাঘবৰৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক ৷ পথত নাও চলাই, কঠীয়া ৰুই প্ৰতিবাদ ৰাইজৰ ৷
পথৰ দুৰৱস্থাই যমৰ যাতনা ভোগাইছে বাঘবৰবাসীক - Poor Road
২০০৫ চনতে পকীকৰণ কৰা বৰপেটা - বাঘবৰ সংযোগী পথছোৱা ইমানদিনে নহ'ল মেৰামতি ৷ ফলত এতিয়া পুখুৰীত পৰিণত হৈছে বাঘবৰৰ গড়কাপ্তানী বিভাগৰ পথটো ৷ পথ এৰি দেৱালৰ ওপৰেৰে খুপি খুপি পাৰ হ'বলগীয়া হৈছে পথচাৰী ৷
বৰপেটাৰ বাঘবৰ পথৰ দুৰাৱস্থা
২০০৫ চনতে পকীকৰণ কৰা বৰপেটা - বাঘবৰ সংযোগী পথছোৱা ইমানদিনে নহ'ল মেৰামতি ৷ ফলত এতিয়া পুখুৰীত পৰিণত হৈছে বাঘবৰৰ গড়কাপ্তানী বিভাগৰ পথটো ৷ পথ এৰি দেৱালৰ ওপৰেৰে খুপি খুপি পাৰ হ'বলগীয়া হৈছে পথচাৰী ৷ তাকে লৈ গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বাঘবৰ আঞ্চলিক সমিতিৰ নেতৃত্বত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল বাঘবৰৰ ৰাইজ ৷ বহু দিন ধৰি স্থানীয় বিধায়কক পথটো মেৰামতি কৰাৰ কথা অৱগত কৰিছিল যদিও এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে সমগ্ৰ বাঘবৰবাসী ৷