অসম

assam

ETV Bharat / state

বৰপেটা ভৱানীপুৰ ৰাইজৰ বৰঙণী সংগ্ৰহেৰে পথ মেৰামতি

মাজগাঁও-ভৱানীপুৰ সংযোগী একমাত্ৰ পথছোৱাৰ দুৰৱস্থাৰ বাবেই স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজে বাধাৰ সন্মুখীন হৈ আহিছে যাতায়ত ব্যৱস্থাত ৷ বাৰিষা হোৱাৰ লগে লগে পথছোৱাত বোকাৰে উপচি পৰাৰ লগতে পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাতৰ বাবে দুৰ্ভোগ ভুগি আহিছে সাধৰণ ৰাইজে

বৰপেটা ভৱানীপুৰ ৰাইজৰ বৰঙনি সংগ্ৰহেৰে পথ মেৰামতি

By

Published : May 18, 2019, 5:47 PM IST

বৰপেটা, 18 মে': বৰপেটাৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ মাজগাঁৱৰ অঞ্চলবাসীয়ে বিগত কিছু বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে ৷ মাজগাঁও-ভৱানীপুৰ সংযোগী একমাত্ৰ পথছোৱাৰ দুৰৱস্থাৰ বাবেই স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজে বাধাৰ সন্মুখীন হৈ আহিছে যাতায়ত ব্যৱস্থাত ৷ বাৰিষা হোৱাৰ লগে লগে পথছোৱাত বোকাৰে উপচি পৰাৰ লগতে পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাতৰ বাবে দুৰ্ভোগ ভুগি আহিছে সাধাৰণ ৰাইজে ৷ পথছোৱাৰ মেৰামতিৰ বাবে চৰকাৰ তথা স্থানীয় এ আই ইউ ডি এফৰ বিধায়ক আবুল কালাম আজাদক স্থানীয় ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰে যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷ যাৰ বাবে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে একত্ৰিত হৈ দান বৰঙণী সংগ্ৰহ কৰি শিল বালিৰে পথ মেৰামতিত নামি পৰিছে ৷ আনহাতে, কেইবাখনো গাঁৱৰ ৰাইজৰ চলাচলৰ একমাত্ৰ সংযোগী পথছোৱা শীঘ্ৰে নিৰ্মাণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই ৰাইজে ৷

বৰপেটা ভৱানীপুৰ ৰাইজৰ বৰঙনি সংগ্ৰহেৰে পথ মেৰামতি

ABOUT THE AUTHOR

...view details