অসম

assam

By

Published : Sep 21, 2020, 6:55 PM IST

ETV Bharat / state

6 বছৰে পৰিত্যক্ত কলগাছিয়াৰ চানমামা আদৰ্শ চিকিৎসালয়

কলগাছিয়াৰ চানমামা আদৰ্শ চিকিৎসালয়খন 2014 চনতে নিৰ্মাণ কাৰ্য সমাপ্ত হৈছিল যদিও বিগত 6 বছৰে শুভাৰম্ভ কৰা হোৱা নাই চিকিৎসালয়খন ৷ সোমবাৰে বৰপেটা জিলা সাংবাদিক সন্থাই আদৰ্শ চিকিৎসালয়খন পৰিদৰ্শন কৰি শীঘ্ৰে কাৰ্যক্ষম কৰাৰ দাবী জনায় ।

Poor Hospital In Barpeta District Kalgaciya
6 বছৰে পৰিত্যক্ত কলগাছিয়াৰ চানমামা আদৰ্শ চিকিৎসালয়

জনীয়া, 21 ছেপ্তেম্বৰ : কলগাছিয়াৰ চানমামা আদৰ্শ চিকিৎসালয়ৰ কদৰ্য ৰূপ। তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিছে স্বাস্থ্য বিভাগে ৷ তথ্য অনুসৰি,চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য 2014 চনতে সমাপ্ত হৈছে যদিও বিগত 6 বছৰেও শুভাৰম্ভ কৰা হোৱা নাই চিকিৎসালয়খন। ফলত ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীৰেই চলি আছে এই চিকিৎসালয়খন ।

6 বছৰে পৰিত্যক্ত কলগাছিয়াৰ চানমামা আদৰ্শ চিকিৎসালয়

দৈনিক হাজাৰ হাজাৰ ৰোগীয়ে চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ আহে যদিও চিকিৎসকৰ অভাৱত যমৰ যাতনা ভোগ কৰিব লগা হয় ৰাইজে । মাত্ৰ এজন ডাক্তৰ,দুজন ফাৰ্মাচিষ্টৰে চলি থকা চিকিৎসালয়খন ৷

6 বছৰে পৰিত্যক্ত কলগাছিয়াৰ চানমামা আদৰ্শ চিকিৎসালয়

আনহাতে,চিকিৎসালয়খনৰ ভিতৰৰ গোহালি সদৃশ কদৰ্যময় পৰিৱেশত নাই কোনো বিদ্যুতৰ ব্যৱস্থা। সোমবাৰে বৰপেটা জিলা সাংবাদিক সন্থাই আদৰ্শ চিকিৎসালয়খন পৰিদৰ্শন কৰি শীঘ্ৰে কাৰ্যক্ষম কৰাৰ দাবী জনায়।

লগতে পঢ়ক :চিনামৰা ৰে'ল গেটৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details