জনীয়া, 28 এপ্ৰিলঃ বৰপেটা জিলাৰ জনীয়াত পুত্ৰৰ বাবে হাহাকাৰ বৃদ্ধ-পিতৃ মাতৃৰ ৷ অনাহাৰে দিন পাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বৃদ্ধ পিতৃ-মাতৃৰ ৷
সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এতিয়া লক ডাউন ব্যৱস্থা অব্যাহত ৷ এই লক ডাউনৰ বাবে জনীয়া কলগাছিয়াৰ খাৰবাল্লী চৰত এহাল বৃদ্ধ পিতৃ মাতৃৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ খাৰবাল্লী চৰৰ দুৰ্ভগীয়া ফজল হকৰ পুত্ৰ কৰ্মসূত্ৰে থাকে ছৌদি আৰৱত ৷ লক ডাউনৰ বাবে পুত্ৰই বৃদ্ধ পিতৃ-মাতৃলৈ পঠিয়াব পৰা নাই ধন ৷ ইফালে ধনৰ অভাৱৰ বাবে বৃদ্ধ পিতৃ-মাতৃয়ে খাদ্য বস্তুৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বৃদ্ধ দম্পতিহালে অনাহাৰে থাকি দিন পাৰ কৰিব লগা হৈছে । তাৰোপৰি চৰকাৰৰ ফালৰ পৰাও কোনো সা-সুবিধা নোপোৱাৰ অভিযোগ বৃদ্ধ দম্পতি হালৰ ৷