অসম

assam

By

Published : Sep 1, 2020, 7:11 PM IST

ETV Bharat / state

বিকশিত অসম: পথৰ দুৰৱস্থাৰ বাবে ঠেলাৰে কঢ়িয়ালে ৰোগীক

নৱগঠিত বজালী জিলাৰ পথৰ দুৰৱস্থাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে পথচাৰীসকলৰ উপৰিও ৰোগীসকল ৷ পথৰ দুৰৱস্থাৰ বাবে বজালীৰ কলগুৰি গাঁৱলৈ সোমাব নোৱাৰে এম্বুলেঞ্চ ৷ ফলত ৰোগীক ঠেলাৰে পাঠশালাস্থিত অসামৰিক চিকিৎসালয়লৈ আনিবলগীয়া হয় স্থানীয় ৰাইজে ৷

Poor condition of Road in bajali assam etv bharat news
পথৰ দুৰৱস্থাৰ বাবে ঠেলাৰে কঢ়িয়ালে ৰোগীক

বজালী,1 ছেপ্টেম্বৰ: বিকশিত অসমৰ বিকশিত ৰূপ ৷ উন্নয়নৰ জয়গান গোৱা ৰাজ্য চৰকাৰৰ উন্নয়নৰ নমুনা জলজল পটপটকৈ প্ৰতিফলিত হৈছে বজালী জিলাত ৷ যি সময়ত চৰকাৰে বাৰম্বাৰ ৰাজ্যৰ বাট-পথসমূহ পকীকৰণ হোৱা বুলি ঢাকঢোল বজাই আছে,তেনে সময়তে পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভূগিছে বজালীবাসীয়ে ৷ শেহতীয়াকৈ গঠিত হোৱা অসমৰ নৱতম জিলা বজালীত পথৰ দুৰৱস্থাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে পথচাৰীসকলৰ উপৰিও ৰোগীসকল ৷ পথৰ দুৰৱস্থাৰ বাবে বজালীৰ কলগুৰি গাঁৱলৈ সোমাব নোৱাৰে এম্বুলেঞ্চ ৷ ফলত ৰোগীক ঠেলাৰে পাঠশালাস্থিত অসামৰিক চিকিৎসালয়লৈ আনিবলগীয়া হয় স্থানীয় ৰাইজে ৷

পথৰ দুৰৱস্থাৰ বাবে ঠেলাৰে কঢ়িয়ালে ৰোগীক

স্বাধীনতাৰ 74 বছৰ অতিক্ৰম কৰাৰ পিছতো অঞ্চলটোৰ বাটপথৰ দুৰৱস্থাৰ প্ৰতি চকু দিবলৈ আহৰি নাই জন প্ৰতিনিধিৰ ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ বানৰ সময়ত অঞ্চলটোলৈ আহি পৰিস্থিতি পৰিদৰ্শন কৰিছিল স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ স্থানীয় ৰাইজে মন্ত্ৰীগৰাকীক পথটো নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছিল ৷ ৰাইজৰ অনুৰোধ ৰক্ষা কৰি মন্ত্ৰীগৰাকীয়ে পথটো নিৰ্মাণৰ আশ্বাস প্ৰদান কৰিছিল যদিও প্ৰকৃতাৰ্থত সেয়া হৈ নুঠিল ৷ গাঁওখনৰ যোগাযোগৰ মাধ্যম হিচাপে থকা একমাত্ৰ পথটো এনেদৰে বিধ্বস্ত হোৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে গাঁওবাসী ৷

লগতে চাওকঃনাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details