অসম

assam

ETV Bharat / state

বগাহাতীত পৰিণত কলগাছিয়াৰ এটা উপ স্বাস্থ্যকেন্দ্ৰ - ক’ভিড

কলগাছিয়াৰ বৰদাংগা উপ স্বাস্থ্যকেন্দ্ৰৰ দুৰৱস্থা ৷ স্বাস্থ্য কেন্দ্ৰটোত নাই এগৰাকীও চিকিৎসক-নাৰ্চ ৷ ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ সময়ত সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰিবলৈও বাটকুৰি বাই কলগাছিয়ালৈ যাবলগীয়া হয় স্থানীয় ৰাইজ ।

poor-condition-of-kalgachia-sub-health-centre
বৰদাংগা উপ স্বাস্থ্য কেন্দ্ৰৰ দুৰাৱস্থা

By

Published : May 25, 2021, 9:31 AM IST

জনীয়া,25 মে’: ধোঁৱাচাঙত পৰিণত হৈছে কলগাছিয়াৰ বৰদাংগা উপ স্বাস্থ্যকেন্দ্ৰ ৷ কিয়নো কলগাছিয়া মহকুমা স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত এই উপ স্বাস্থ্য কেন্দ্ৰটোত নাই চিকিৎসক তথা স্বাস্থ্যকৰ্মী । যাৰ ফলস্বৰূপে চিকিৎসক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

সমগ্ৰ ৰাজ্যজুৰি ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে এই বৰদাংগা উপ স্বাস্থ্যকেন্দ্ৰৰ দুৱাৰত ওলমি আছে এটা বৃহৎ তলা । দীৰ্ঘদিন ধৰি স্বাস্থ্য কেন্দ্ৰটোত নাই কোনো চিকিৎসক, নাই কোনো নাৰ্চ তথা অন্যান্য চিকিৎসা কৰ্মী ৷ কাগজে-কলমে কেন্দ্ৰটোত নাৰ্চ-চিকিৎসক নিয়োজিত আছে যদিও ৰাইজৰ দেখাৰ সৌভাগ্য নহয় স্বাস্থ্যকৰ্মী সকলক ।

কলগাছিয়াৰ বৰদাংগা উপ স্বাস্থ্যকেন্দ্ৰৰ দুৰৱস্থা

চিকিৎসাৰ নামত মাথো মাজে-সময়ে নাৰ্চ এগৰাকী আহি তলা খুলি কিছু সময় বহি থাকি দায়িত্ব পালন কৰে ৷ কিন্তু কোনো চিকিৎসা সেৱা কৰিবলৈ নাৰ্চগৰাকী অপাৰগ বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । যাৰ পৰিপেক্ষিতত অঞ্চলটোৰ ৰাইজে ক’ভিডৰ এনে ভয়াৱহ সময়তো সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰিবলৈ বাটকুৰি বাই কলগাছিয়ালৈ যাবলগীয়া হয় ।

বিষয় সন্দৰ্ভত শীঘ্ৰে নাৰ্চ বা চিকিৎসকৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে স্বাস্থ্যকেন্দ্ৰটো মেৰামতি কৰি ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:ৰূপহীহাটত পুনৰ দুগৰাকী ক’ভিড ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details