কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ নৰক যন্ত্ৰণা, ভ্ৰূক্ষেপ নাই স্বাস্থ্য বিভাগৰ - কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয়
কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ অনুপাতে তেনেই নগণ্য ডাক্তৰৰ সংখ্যা । কৰ্মৰত কেইজনো চিকিৎসকে মানৱতাক জলাঞ্জলী দি বিনা ধনে ৰোগীলৈ চকু মেলিও নোচোৱাৰ অভিযোগ তুলিছে ৰোগীৰ পৰিয়ালে
বৰপেটা, 16 এপ্ৰিলঃ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত স্বাস্থ্যবিভাগৰ ফোপোলা স্বৰূপ।পশ্চিম বৰপেটাৰ বৃহত্তৰ এলেকাৰ দুখীয়া ৰোগীসকলে চিকিৎসা সেৱাৰ বাবে ভিৰ কৰেহি অসামৰিক চিকিৎসালয় খনত । কিন্তু ৰোগীৰ অনুপাতে অন্যান্য সুবিধাৰ লগতে হাস্পতাল খনত ডাক্তৰৰ সংখ্যা তেনেই নগণ্য। কৰ্মৰত চিকিৎসক কেইজনেও মানৱতাক জলাঞ্জলী দি বিনা ধনে ৰোগীলৈ চকু মেলি নোচোৱাৰ অভিযোগ তুলিছে ৰোগীৰ পৰিয়ালে । লগতে কৰ্তব্যৰ সময়তো অধিক ধন ঘটাৰ লোভত একাংশ চিকিৎসকে নিজৰ ব্যক্তিগত কোৱাৰ্টাৰত ধনী শ্ৰেণীৰ ৰোগীৰ সৈতে ব্যস্ত থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইপিনে হাস্পতালত চিকিৎসকৰ অনুপস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নাৰ্চ সকলে ৰোগীলৈ সেৱা আগবঢ়োৱাৰ বিপৰীতে ঘন্টাৰ পিচত ঘন্টালৈকে মোবাইলত ব্যস্ত হৈ থকাটো সৰ্বত্ৰে পৰিতাপৰ বিষয় বুলি বিবেচিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ পশ্চিম বৰপেটাৰ দুখীয়া ৰোগীসকলৰ বাবে একমাত্ৰ ভৰসাৰ বৰপেটা অসামৰিক চিকিৎসালয়খন সম্প্ৰতি নৰকলৈ ৰূপান্তৰ হৈছে বুলি বৰপেটাবাসীয়ে গভীৰ দুখ প্ৰকাশ কৰিছে । এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ভুক্তভুগীসকলৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে।