বৰপেটা, 17 আগষ্ট : বৰ্তমান অতি জৰাজীৰ্ণ অৱস্থাত পৰি আছে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত এৰাৰ প্ৰাথমিক পশু চিকিৎসালয় ৷ পশু চিকিৎসালয়খনৰ নামত জহি-খহি যোৱা এখন দেৱলাৰ বাহিৰে চিকিৎসালয়খনৰ নাই একো চিন ৷ উল্লেখ্য যে, কৃষক ৰাইজৰ সুবিধাৰ্থে 1987 চনতে নিৰ্মাণ কৰা হৈছিল এই পশু চিকিৎসালয়খন ৷
স্থানীয় লোকে সদৰি কৰা মতে, এই পশু চিকিৎসালয়খনৰ পৰা বৃহৎ সংখ্যক কৃষিজীৱি লোক লাভাম্বিত হৈছিল ৷ যিসকল লোকে পশুপালন কৰি উপাৰ্জনৰ পথ বাছি লৈছিল, সেই সকলে অধিক সুবিধা লাভ কৰিছিল এই পশু চিকিৎসালয়খনৰ পৰা ৷ কাৰণ বাৰিষা কালত গৰু-ম'হ-ছাগলি ইত্যাদি ঘৰচীয়া জন্তু কোনো বেমাৰত আক্ৰান্ত হ'লে সহজতে এই চিকিৎসালয়খনৰ পৰা চিকিৎসা সেৱা লাভ কৰিছিল অঞ্চলটোৰ লোকসকলে ৷
এৰা প্ৰাথমিক পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থা লগতে পঢ়ক: APSC কেলেংকাৰী : পুনৰ পাঁচগৰাকী বিষয়ালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ
কিন্তু কিছুবছৰৰ পূৰ্বৰে পৰা চিকিৎসালয়খন বন্ধ হৈ পৰাত বৃহৎ সমস্যাৰ সন্মুখিন হৈছে সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত এৰা গাঁৱৰ কৃষিজীৱি লোকসকল ৷ গৰু-ম'হ-ছাগলিৰ সাধাৰণ এটা ৰোগ হ'লে চিকিৎসা কৰিবৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় কৃষিজীৱি লোকসকলে ৷ তেনে ক্ষেত্ৰত এখন পশু চিকিৎসালয়ৰ অভাৱ অনুভৱ কৰি আহিছে এৰা অঞ্চলবাসীয়ে ৷
স্থানীয় লোকে সাংবাদিকৰ আগত অভিযোগ কৰা মতে, পশু চিকিৎসালয়খন কাৰ্যক্ষম কৰি তুলিবলৈ বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন নিবেদন কৰা হৈছিল যদিও আজিকোপতি গুৰুত্ব প্ৰদান নকৰিলে ৷ স্থানীয় বিধায়ক গৰাকীয়েও এই ক্ষেত্ৰত বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ ৰাজ্যৰ চৰকাৰ পশু পালনৰ এটা বিয়াগোম বিভাগ থকাৰ পাচতো অতিকৈ প্ৰয়োজনীয় এখন পশু চিকিৎসালয় এনে অৱস্থাত পৰি থকাতো অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে স্থানীয় লোকে ৷
এই পৰিপেক্ষিত অঞ্চলটোৰ কৃষিজীৱি লোকসকলৰ সুবিধাৰ্থে পশু চিকিৎসালয়খন পুনৰ নিৰ্মাণ কৰি তাক কাৰ্যক্ষম কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত পুনৰবাৰ দাবী জনাইছে এৰা অঞ্চলবাসীয়ে ৷
লগতে পঢ়ক: কিছু শিথিলতাৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ