বৰপেটা, 25 জানুৱাৰী :কলগাছিয়াৰ বৰটাৰী দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথৰ দুৰৱস্থা (Poor condition of road) ৷ পথছোৱাৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি ৰাইজে ভুগিব লগা হৈছে দুৰ্ভোগ ৷ তথাপিও কাণষাৰ নাই জন প্ৰতিনিধি তথা চৰকাৰী বিভাগটোৰ ৷
কলগাছিয়াৰ বৰটাৰী দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথটোৰে মৰণত শৰণ দি যাতায়ত কৰিব লগীয়া হৈছে পথচাৰীৰ লগতে যান বাহন আৰোহীয়েও । কাৰণ ঘাইপথটোৰ কাষে কাষে একো একোটা প্ৰকাণ্ড গাঁত ৷ যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ স্থানীয় লোকৰ লগতে পথাচাৰীৰ ।
বৰপেটা সমষ্টিৰ অন্তৰ্গত এই পথটোৱে এতিয়া জ্বলা-কলা খুৱাই মাৰিছে পথটোৰে আহ-যাহ কৰা প্ৰতিজন আৰোহীকে (Poor condition of Kalgachia state Highway) ৷ সাংসদ আব্দুল খালেকৰ গৃহ সমষ্টি তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰটাৰী দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত বৃহৎ বৃহৎ গাতে বিগত এটা বছৰ ধৰি জ্বলা কলা খুৱাইছে পথচাৰীক (MP Abdul Khalek) । অভয়াপুৰীৰ পৰা আমিনগাঁও সংযোগী এই ৰাজ্যিক ঘাই পথটো এটা অতি ব্যস্ত পথ ৷ প্ৰত্যেক দিনাই এই পথেৰে অহা যোৱা কৰে হাজাৰ হাজাৰ যান বাহন তথা আৰোহীয়ে । তাৰ পাছটো পথটো উন্নীতকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ৷