অসম

assam

By

Published : Jul 15, 2020, 11:35 AM IST

ETV Bharat / state

পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে সুন্দৰীদিয়া সত্ৰবাসীক

গুৰুজনাৰ দিনতে স্থাপিত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰলৈ যোৱা পথটিৰ দুৰাৱস্থাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ সত্ৰখনৰ দক্ষিণহাটীৰ বাটচ’ৰাৰে যোৱা পথটো সম্প্ৰতি ভূঁই ৰোৱা পথাৰৰ লেখীয়া হোৱাত দৈনন্দিন যাতায়াতৰ ক্ষেত্ৰত যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী ৷

Poor condition of a road near sundaridiya satra barpeta assam etv bharat news
পথৰ দুৰৱস্থা

বৰপেটা,১৫ জুলাই: অসমৰ ইতিহাসত এক সুকীয়া স্থান দখল কৰি আহিছে বৰপেটা জিলাই ৷ ঐতিহ্যমণ্ডিত কীৰ্তন ঘৰৰ উপৰিও মহাপুৰুষ মাধৱেদেৱে স্থাপন কৰা অন্যতম সত্ৰ সুন্দৰীদিয়া জিলাখনত অৱস্থিত ৷ সেইসূত্ৰে জিলাখনলৈ ভিন্ন সময়ত আগমন ঘটে ভক্তৰ লগতে দেশী-বিদেশী পৰ্যটকৰ ৷ গুৰুজনাই ইয়াতে সত্ৰ স্থাপন কৰি প্ৰায় 14 বছৰ 6 মাহ কাল কটাইছিল বুলি ইতিহাসত লিপিৱদ্ধ আছে ৷ কিন্তু সম্প্ৰতি গুৰুজনাৰ দিনতে স্থাপিত সুন্দৰীদিয়া সত্ৰলৈ যোৱা পথটিৰ দুৰাৱস্থাৰ ফলত দুৰ্ভোগ ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ সত্ৰখনৰ দক্ষিণহাটীৰ বাটচ’ৰাৰে যোৱা পথটো সম্প্ৰতি ভূঁই ৰোৱা পথাৰৰ লেখীয়া হোৱাত দৈনন্দিন যাতায়াতৰ ক্ষেত্ৰত যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী ৷

যাতায়াতত সমস্যা সৃষ্টি

উক্ত পথছোৱাৰে গুৰু মাধৱদেৱে স্নানঘাটলৈ যোৱাৰ এক কথিত পৰম্পৰা অতীজৰে পৰা প্ৰচলিত হৈ আহিছে সত্ৰবাসীৰ মাজত ৷ বৰ্তমান সত্ৰবাসীয়ে গুৰুজনাৰ স্নানঘাটলৈ বিভিন্ন তিথি বা উৎসৱ-পাৰ্বনৰ সময়ত এই পথটোৰে অহা-যোৱা কৰে ৷ কিন্তু আজিপৰ্যন্ত পথটি নিৰ্মাণ নোহোৱাত দক্ষিণহাটীৰ ভকতসকলে বোকা গচকিয়ে যাতায়াত কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ অন্য এক গুৰুত্বপূৰ্ণ কথা হৈছে জীৱিকা সূত্ৰে দক্ষিণহাটীৰ প্ৰায়বোৰ পৰিয়ালে পৰম্পৰাগতভাৱে মাটিৰ বাচন-বৰ্তন তৈয়াৰ কৰি বিভিন্ন ঠাইত বিক্ৰী কৰি পোহপাল দিয়ে পৰিয়াল ৷ পিছে পথটোৰ বাবে কুমাৰ সকলেও প্ৰায়ে সন্মুখীন হয় সমস্যাৰ ৷ ভাঁৰ বান্ধি বৈ নিয়া মাটিৰ সাজ-বাচনবোৰ প্ৰায়ে বোকাত পিচল খাই পৰি ভঙাৰ ফলত ক্ষতিৰ সন্মুখীন হয় কুমাৰ সকল ৷

সুন্দৰীদিয়া সত্ৰত পথৰ দুৰাৱস্থা

ইফালে বিষয় সন্দৰ্ভত স্থানীয় ৰাইজে পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়কৰ লগতে ৰাজ্য চৰকাৰক কেইবাবাৰো অৱগত কৰি আহিছিল যদিও আজিপৰ্যন্ত নিৰ্মাণ নহ’ল পথটো ৷ ইতিপূৰ্বে অসম চৰকাৰৰ পৰ্যটন বিভাগে বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক নিযুক্তি দিছিল পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে ৷ পৰৱৰ্তী সময়ত পৰ্যটন বিভাগৰ বিজ্ঞাপনৰ বাবে শ্বুটিং কৰিবলৈ অভিনেত্ৰীগৰাকী ৰাজ্যলৈ আহোতে বিভাগটোৱে ব্যয় কৰিছিল প্ৰায় 2 কোটি 37 লাখ টকা ৷ চৰকাৰৰ উদ্দেশ্য আছিল এটাই যে,অসমলৈ পৰ্যটক আহিব লাগে ৷ কিন্তু বৰপেটাৰ দৰে এক ঐতিহাসিক অঞ্চলত পৰ্যটন আহিবলৈ হ’লে জিলাখনৰ আন্তঃগাঁথনি সুস্থিৰ হোৱাৰ সমান্তৰালকৈ উন্নত হ’ব লাগিব বাট-পথ ৷ সেয়ে সুন্দৰীদিয়া সত্ৰৰ উক্ত পথছোৱা শীঘ্ৰে নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে সত্ৰবাসীয়ে ৷

লগতে চাওকঃমহামাৰীৰ মাজতো বানাক্ৰান্তক উদ্ধাৰত দিনে-নিশাই ব্যস্ত এনডিআৰএফ

ABOUT THE AUTHOR

...view details