অসম

assam

ETV Bharat / state

বিভাগৰ অৱহেলা, ৰাইজে নিজে মেৰামতি কৰিলে বানে ধ্বংস কৰা পথ - বানত বেয়াকৈ ধ্বংস

বিগত বৰ্ষৰ বানত বেয়াকৈ ধ্বংস হৈছিল সৰ্থেবাৰী পথৰ বহু অংশ ৷ ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতি কৰিবৰ বাবে দাবী জনাইছিল যদিও আজিকোপতি সহাঁৰি লাভ নকৰিলে ৷ এনে পৰিপেক্ষিততে ৰাইজে হাতে হাতে দা-কোৰ লৈ ওলাই আহিল ৰাজপথ নিৰ্মাণৰ বাবে ৷

বিভাগৰ অৱহেলা, ৰাইজে নিজে মেৰামতি কৰিলে বানে ধ্বংস কৰা পথ
বিভাগৰ অৱহেলা, ৰাইজে নিজে মেৰামতি কৰিলে বানে ধ্বংস কৰা পথ

By

Published : May 22, 2021, 4:40 PM IST

বৰেপটা, 22 মে' :পাটাছাৰকুছি আৰু সৰুক্ষেত্ৰী সমষ্টিৰ সীমামুৰীয়া চাগালচাৰীত ৰাইজে হাতে হাতে দা-কোৰ লৈ ওলাই আহিল ৰাজপথ নিৰ্মাণৰ বাবে ৷ বিগত বৰ্ষত বানপানীত বাগনা, চাগলচাৰী সৰ্থেবাৰী পথৰ বহু অংশ উটুৱাই নিয়াৰ ফলত যাতায়তৰ বাবে চৰম দুৰ্ভোগ ভুগি আহিছিল ৷

বিভাগৰ অৱহেলা, ৰাইজে নিজে মেৰামতি কৰিলে বানে ধ্বংস কৰা পথ

বিগত প্ৰায় এটা বছৰে জন প্ৰতিনিধি আৰু চৰকাৰক গাঁওখনৰ সমস্যা সমাধানৰ বাবে অনুৰোধ জনাই আহিছিল যদিও কাৰ্যত আজিলৈ কোনো সঁহাৰি লাভ নকৰিলে ৰাইজে । যাৰ ফলত চাগলচাৰী গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি চাগলচাৰী সৰ্থেবাৰী পথৰ কেবা ঠাইত শ্ৰমদান কৰি পথটো মেৰামতি কৰাৰ উপৰি টুৰকুনি জানৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰে।

লগতে পঢ়ক: ইটানগৰৰ পৰা পদব্ৰজে অসম পালেহি কলিয়াবৰৰ ২৫ জন শ্ৰমিক

ABOUT THE AUTHOR

...view details