অসম

assam

By

Published : May 18, 2019, 11:30 PM IST

ETV Bharat / state

সৰুক্ষেত্ৰীত দলঙৰ নামত এয়া কি ?

মৰণফান্দত পৰিণত কালদিয়া নৈৰ বাঁহৰ সাঁকো ৷ সৰুক্ষেত্ৰীৰ কয়াকুছি-মিলন বজাৰত ৰাইজৰ ক্ষোভ ৷

চৰকাৰ পৰিৱৰ্তন হ’ল কিন্তু কি পৰিৱৰ্তন নহ’ল সৰুক্ষেত্ৰীত ?

বজালী , ১৮ মে’ :বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ দক্ষিণ প্ৰান্তৰ কয়াকুছি অঞ্চলৰ 1, 2, 3 নং কল’নীৰ সৈতে মিলন বজাৰ সংযোগী বাঁহৰ সাঁকোৰ দুৰাৱস্থাই ভাবুকি কঢ়িয়াই আনিছে বহু ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজৰ জীৱনলৈ ৷ পাকাবেতবাৰী জিলা পৰিষদ আৰু পশ্চিম পাকা গাঁও পঞ্চায়তৰ এলেকাধীন কালদিয়া নদীৰ ওপৰত থকা কল’নী বজাৰ আৰু মিলন বজাৰ সংযোগী উক্ত বাঁহৰ ভঙা-ছিঙা সাঁকোখনে দীৰ্ঘদিনে পথচাৰীক ভোগাইছে যমৰ-যাতনা ।

সাঁকোখনেৰে প্ৰায় ২০-৩০ খন গাঁৱৰ মানুহে প্ৰতিদিনে বিপদ সংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে । জৰুৰীকালীন সেৱাৰ সময়ত ৰোগীক সাঙী বান্ধি পাৰ কৰাৰ বাহিৰে উপায় নাই স্থানীয় লোকৰ ।

চৰকাৰ পৰিৱৰ্তন হ’ল কিন্তু কি পৰিৱৰ্তন নহ’ল সৰুক্ষেত্ৰীত ?

ইপিনে স্থানীয় মছজিদ কমিটীয়ে ডাকত দি টকালৈ ভাড়াত চলিবলৈ দিয়া ব্যক্তি বিশেষ আৰু মিলন বজাৰৰ পৰিচালনা সমিতিয়ে পৰিচালনা কৰা সাঁকোখনৰ ভাড়াৰ বাবে কেবাটাও নিয়ম বান্ধি দিয়াত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোক । নিৰ্বাচনৰ সময়ত বিধায়ক অথবা মন্ত্ৰীসকলে দলঙখন নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈ সেইবোৰ প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল ৷ ফলত এতিয়া সৰুক্ষেত্ৰীৰ বিধায়ক, পাকাবেতবাৰী জিলা পৰিষদৰ সদস্যা, গাওঁ পঞ্চায়তৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা প্ৰশাসনক লোকক অতি সোনকালে দলংখনৰ নিৰ্মাণৰ অনুৰোধ জনাইছে স্থানীয় বাসিন্দাই ৷

ABOUT THE AUTHOR

...view details