বৰপেটা, 5 ডিচেম্বৰঃবৰপেটাৰ সীমান্ত এলেকাৰ হালধীয়া গাঁৱত পোকালাগী নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘ দিন ধৰি নৰক যন্ত্ৰণা ভোগাইছে স্থানীয় ৰাইজক ৷ গাঁৱখনৰ জয়নাল আব্দিন নামৰ এজন লোকে নিজৰ পকেটৰ ধন খৰচ কৰি পোকালাগী নৈৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণ কৰি পথচাৰী সকলৰ পৰা টকা সংগ্ৰহ কৰি আছে যদিও এই কামত লোকচানৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে ।
বৰপেটাত জৰাজীৰ্ণ বাঁহৰ দলঙে জ্বলা কলা খুৱাইছে ৰাইজক - বৰপেটা
গাঁৱখনৰ জয়নাল আব্দিন নামৰ এজন লোকে নিজৰ পকেটৰ ধন খৰচ কৰি পোকালাগী নৈৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণ কৰি পথচাৰী সকলৰ পৰা টকা সংগ্ৰহ কৰি আছে যদিও এই কামত লোকচানৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে ।
![বৰপেটাত জৰাজীৰ্ণ বাঁহৰ দলঙে জ্বলা কলা খুৱাইছে ৰাইজক বৰপেটা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5273539-1089-5273539-1575520364581.jpg)
বৰপেটাত জৰাজীৰ্ণ বাঁহৰ দলঙে খুৱাইছে যন্ত্ৰণা
জয়নাল আব্দিনে জানিবলৈ দিয়া অনুসৰি,নৈ খনৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰাৰ বাবে পঞ্চায়ত প্ৰতিনিধি,স্থানীয় বিধায়ক আৰু সাংসদক অৱগত কৰা হৈছিল যদিও কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। অৱশেষত উপায়হীন হৈ ৰাইজৰ সুবিধাৰ্থে নিজৰ পকেটৰ টকা খৰচ কৰি বাঁহৰ সাঁকো নিৰ্মাণ কৰি দিয়াৰ কথা ব্যক্ত কৰে জয়নাল আব্দিনে।
বৰপেটাত জৰাজীৰ্ণ বাঁহৰ দলঙে খুৱাইছে যন্ত্ৰণা
লগতে চাওকঃকেবিনেটত গৃহীত কেব: সমগ্ৰ ৰাজ্যত জ্বলিছে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি