বৰপেটা, ৩ জুন :পঞ্চায়তমানেই যেন এতিয়া দুৰ্নীতিৰ ভূস্বৰ্গ । প্ৰায়বোৰ পঞ্চায়ততে এতিয়া আঁচনি ৰূপায়ণৰ নামত ব্যাপক লুন্ঠন চলাৰ বিভিন্ন অভিযোগ বহু সময়ত পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৷ বাদ পৰি ৰোৱা নাই বৰপেটা জিলাৰ সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ১৮ নং মধ্য পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তো (Sacm allegation against xaru ketri gaon panchayat)৷
তথ্য অনুসৰি, বৰপেটা জিলাৰ সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ১৮ নং মধ্য পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অধীনত এমজিএনৰেগা আঁচনিৰ জৰিয়তে পাঁচটা ৰাজহুৱা পুখুৰী খন্দা হৈছিল ৷ এই পুখুৰী কেইটাৰ বাবদ প্ৰায় ৮৫ লাখ টকা ধাৰ্যও কৰা হৈছিল । আনকি বিভাগীয় নিয়ম অনুসৰি, ভকুৱাটেপাৰ ৰাইজৰ ফালৰ পৰা ম্যাদী মাটিৰ তথ্য পঞ্চায়তত দাখিল কৰিছিল ৷ সেই মৰ্মে আৱন্তিত হৈছিল পুখুৰী খন্দা আঁচনিৰ কাম ।
ভকুৱাটেপাৰ গাঁও পৰিচালনা সমিতিৰ সহযোগত খন্দা হ’ল পুখুৰীকেইটা । কিন্তু এতিয়া এই পুখুৰী খন্দাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ । পুখুৰীকেইটা খন্দাৰ নামত পঞ্চায়ত প্ৰতিনিধি আৰু গাঁও পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ এক উত্থাপন হৈছে ৷ এই অভিযোগ তৰিছে ভকুৱাটেপাৰৰ একাংশ ৰাইজে ।
লগতে পঢ়ক :ধুবুৰীৰ মাঝেৰচৰত পঞ্চায়ত আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ