অসম

assam

ETV Bharat / state

বিজেপিৰ সভাৰ স্বাৰ্থত নিয়ম ভংগ কৰিবলৈ বাধ্য হ’ল আৰক্ষী - গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ সভা

গুৱাহাটীত বিজেপিৰ সভা (BJP meeting in Guwahati)৷ আহিছে ৰাষ্ট্ৰীয় নেতা ৷ গতিকে নিয়ম ভংগ কৰিবলৈ বাধ্য হ’ল বৰপেটাৰ আৰক্ষী ৷ বৰপেটা জিলা প্ৰশাসনে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰি থোৱা পথেৰেই আৰক্ষীয়ে পাৰ কৰাই দিলে বিজেপিৰ সভালৈ যোৱা যাত্ৰীবাহী বাছ ৷

বিজেপিৰ সভাৰ স্বাৰ্থত নিয়ম ভংগ কৰিবলৈ বাধ্য হ’ল আৰক্ষী
বিজেপিৰ সভাৰ স্বাৰ্থত নিয়ম ভংগ কৰিবলৈ বাধ্য হ’ল আৰক্ষী

By

Published : Oct 8, 2022, 8:37 PM IST

জনীয়া, 8 অক্টোবৰ: জিলা প্ৰশাসনে গধুৰ যান-বাহন চলাচল বন্ধ কৰি দিয়া পথেৰে আৰক্ষীয়ে পাৰ কৰাই দিলে বিজেপিৰ সভালৈ যোৱা কেইবাখনো যাত্ৰীবাহী বাছ (BJP meeting in Guwahati)। অভয়াপুৰীৰ পৰা হাজো দৌলশাল হৈ আমিন গাঁৱলৈ যোৱা বিকল্প ৰাজ্যিক ঘাইপথত শনিবাৰে দেখা গ’ল উক্ত দৃশ্য ।

উল্লেখ্য যে, গৰাখহনীয়াৰ কৱলত পৰি উক্ত ঘাইপথটোৰ কিছু অংশ নদীৰ বুকুত জাহ গৈছিল । যাৰ ফলত বৰপেটা জিলা প্ৰশাসনে ঘাইপথটোৰে দীৰ্ঘদিন ধৰি গধুৰ যান-বাহন চলাচলত বাধা আৰোপ কৰাৰ লগতে ৰাইজৰ সুবিধাৰ বাবে আন এখন বিকল্প পথ নিৰ্মান কৰি দিয়ে (Restrictions on heavy vehicular movement in Barpeta) । কিন্তু শনিবাৰে গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ সভালৈ উক্ত পথেৰেই পাৰ হৈ গ’ল বাছ ৷ সহায়ৰ হাত আগবঢ়ালে আৰক্ষী-প্ৰশাসনে ৷

মন কৰিবলগীয়া যে, পথটোৰ কৰাৰকুৰ আৰু বামুণটাৰী অংশত গাঁওৰক্ষী বাহিনীৰ আহ্বানমৰ্মে বালিকুৰী পহৰা আৰক্ষী চকীৰ আৰক্ষী আৰু গৃহৰক্ষী জোৱানক দায়িত্ব দিয়া হৈছিল যাতে পথটোৰে কোনো গধুৰ যান-বাহন চলাচল কৰিব নোৱাৰে । কিন্তু সেইসমূহ নিৰ্দেশনাক কেৰেপ নকৰি বালিকুৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া দীনেশ শৰ্মাই নিজৰ ইচ্ছামতে পুলিচগিৰী দেখুৱাই পাৰ কৰিলে শাসকীয় বিজেপি দলৰ নৱনিৰ্মিত কার্যালয়(Assam BJP new office) উদ্বোধনী সভালৈ যোৱা কেইবাখনো যাত্ৰীবাহী বাছ (Police violates rule in Barpeta)।

বিজেপিৰ সভাৰ স্বাৰ্থত নিয়ম ভংগ কৰিবলৈ বাধ্য হ’ল আৰক্ষী

এতিয়া প্ৰশ্ন হয়, চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনে বান্ধি দিয়া নিয়ম কেৱল সাধাৰণ খাটি খোৱা ৰাইজৰ বাবেহে নেকি? কি স্বাৰ্থত জিলা প্ৰশাসনৰ নিৰ্দেশনাক অমান্য কৰি পাৰ কৰিলে গধুৰ বাহন ? নে শাসকীয় বিজেপি চৰকাৰৰ সভা থকাৰ বাবে চৰকাৰলৈ ভয় কৰি পাৰ কৰিলে কেইবাখনো যাত্ৰীবাহী বাছ ?

ইফালে বলিকুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয় দীনেশ চন্দ্ৰ শৰ্মা এই সন্দৰ্ভত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক:চৰণ পখালি জ্যেষ্ঠজনৰ প্ৰতি সন্মান বিজেপিৰ

ABOUT THE AUTHOR

...view details