বৰপেটা, 18 আগষ্ট : ৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি ৷ এন আৰ চি প্ৰকাশলৈ মাজত মাথো ১২ টা দিন ৷ এন আৰ চি প্ৰকাশৰ দিন যিমানেই চমু চাপিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে আৰক্ষীৰ ৷ বিশেষকৈ ৰাজ্যখনৰ অতিকৈ স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত বৰপেটাৰ আইন শৃংখলাজনিত পৰিস্থিতিক লৈ অধিক তৎপৰ হৈ পৰিছে আৰক্ষী ৷ জিলাখনত অতিৰিক্ত আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ জোৱান মোতায়েন কৰাৰ লগতে সক্ৰিয় কৰি তুলিছে গাঁওৰক্ষী বাহিনী সমুহকো ৷
এন আৰ চি প্ৰকাশলৈ মাজত মাথো ১২ দিনঃ বৰপেটাত গঢ়িতোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা - ৰাজ্যখনৰ অতিকৈ স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত বৰপেটাকলৈ তৎপৰ আৰক্ষী প্ৰশাসন
৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি ৷ ৰাজ্যখনৰ অতিকৈ স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত বৰপেটাৰ আইন শৃংখলাজনিত পৰিস্থিতিক লৈ অধিক তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন

বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ উপস্থিতিত বৰপেটা থানা এলেকাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি, সম্পাদকসকলক লৈ অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত গাঁওৰক্ষী বাহিনীসমুহক যিকোনো প্ৰতিকূল মুহূৰ্তত সক্ৰিয় কৰি ৰাখিবৰ বাবে বাহিনীসমুহক ছাতি, টৰ্চ, ৰেইনকোট আদিও প্ৰদান কৰে ৷ সভাখনত উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই এন আৰ চি প্ৰকাশৰ পিচত সৃষ্টি হ'ব পৰা সম্ভাব্য সকলো পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ সকলোকে সষ্টম আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনায় ৷ কোনো দুষ্ট চক্ৰই যাতে জিলাখনত আইন শৃংখলা পৰিস্থিতি বিঘ্নিত কৰিব নোৱাৰে তাৰবাবে গাঁওবাসীৰ মাজত সজাগতা সৃষ্টিৰো আহ্বান জনায় ৷ ২০১০ চনৰ ২১ জুলাইত এনআৰচিৰ পাইলট প্ৰজেক্টৰ কাম বন্ধ কৰাৰ দাবীত বৰপেটাত সৃষ্টি হোৱা ব্যাপক হিংসাত্মক ঘটনাৰ যাতে পুনৰাবৃত্তি ঘটিব নোৱাৰে তাৰবাবে অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে বৰপেটাৰ আৰক্ষী বাহিনী ৷
উল্লেখযোগ্য যে 2010 চনৰ 21 জুলাইত এনআৰচিৰ পাইলট প্ৰজেক্টৰ কাম বন্ধৰ দাবীত বৰপেটাত আমছু সংগঠনটোৱে বৃহৎ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়নৰ মূহুৰ্তত আৰক্ষীৰ গুলীচালনাত 4 জন সংখ্যালঘু লোকৰ মৃ্ত্যু হোৱাৰ লগতে হতাহত হৈছিল অৰ্ধশতাধিক সংখ্যালঘু জনগোষ্ঠীৰ লোক ৷