অসম

assam

ETV Bharat / state

SI কেলেংকাৰী সন্দৰ্ভত ৰকিবুলক বিচাৰি আৰক্ষীৰ অভিযান - কংগ্ৰেছ নেতা ৰকিবুল ইছলাম

নলবাৰী আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিব আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৰপেটাৰ ভোগৰান্ধা গাঁৱত উপস্থিত হৈ জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনৰ সন্ধানত অভিযান চলায় ৷ অৱশ্যে আৰক্ষীৰ দলটোৱে ৰকিবুল হুছেইনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল ৷

SI কেলেংকাৰী সন্দৰ্ভত বৰপেটাত কংগ্ৰেছ নেতাক বিচাৰি আৰক্ষীৰ অভিযান

By

Published : Oct 3, 2020, 9:37 PM IST

Updated : Oct 4, 2020, 6:16 AM IST

বৰপেটা,3 অক্টোবৰঃ SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰী সন্দৰ্ভত পোহৰলৈ আহিছে ইটোৰ পিছত আনটো তথ্য ৷ শনিবাৰে বৰপেটাৰ কংগ্ৰেছ নেতা ৰকিবুল ইছলামক বিচাৰি নেতাগৰাকীৰ বাসগৃহত অভিযান চলায় নলবাৰী আৰক্ষীয়ে ৷ নলবাৰী আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিব আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৰপেটাৰ ভোগৰান্ধা গাঁৱত উপস্থিত হৈ জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনৰ সন্ধানত অভিযান চলায় ৷ অৱশ্যে আৰক্ষীৰ দলটোৱে ৰকিবুল হুছেইনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল ৷

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নলবাৰীত সাংবাদিকৰ আগত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই SI কেলেংকাৰীৰ সৈতে বৰপেটা জিলা কংগ্ৰেছৰ এগৰাকী নেতা জড়িত থকা বুলি মন্তব্য কৰাৰ পিছতেই তৎপৰ হৈ পৰে নলবাৰী আৰক্ষী ৷ আনহাতে, ৰাজ্য চৰকাৰৰ অধীনত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিজ পত্নী আৰু দুজনকৈ খুলশালীয়েকে চাকৰি পোৱা বুলিও জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰকিবুল ইছলামৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপিত হৈছে ৷ইয়াকে লৈ এতিয়া সমগ্ৰ বৰপেটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়কঃআৰক্ষী অধীক্ষকৰ নামত ধন দাবী যুৱকৰ

Last Updated : Oct 4, 2020, 6:16 AM IST

ABOUT THE AUTHOR

...view details