বৰপেটা, 30 মে': শুকুৰবাৰে নিশা হাউলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গো মাফিয়া খাইৰুল ইছলামক ৷ শনিবাৰে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই ৫ দিনৰ আৰক্ষী জিম্মাত গ্ৰহণ কৰিছিল খাইৰুল ইছলামক ৷ শুকুৰবাৰৰ পৰা তিনিদিন ধৰি চলা জেৰাৰ অন্তত গো মাফিয়াজনক লগত লৈ হাউলী আৰক্ষীয়ে তেওঁৰ নিজ বাসগৃহত আৰম্ভ কৰিছে তালাচী অভিযান ৷
উল্লেখ্য যে, বাঘবৰৰ কংগ্ৰেছ বিধায়ক দিলদাৰ ৰেজ্জা গৃহ বিভাগৰ সংসদীয় সচিব হিচাপে দায়িত্ব গ্ৰহণৰ সময়ৰ পৰাই খাইৰুল ইছলামে বিভিন্ন পক্ষক মেনেজ কৰি কাঠ, কয়লা, চাউলৰ লগতে গৰুৰ চিণ্ডিকেট চলাই আহিছিল ৷ মূলতঃ ৰাজ্যৰ পৰা বাংলাদেশলৈ চোৰাংভাৱে গৰু সৰবৰাহৰ মূল নায়ক হিচাপে পৰিচিত খাইৰুল ইছলামে বিগত সময়ত বিভিন্ন স্থানত নামে বেনামে অগাধ সম্পত্তিৰ মালিক হৈ পৰিছিল ৷ হাউলী চহৰৰ মাজমজিয়াত প্ৰাসাদোপম অট্টালিকাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত তেওঁ সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বুলি ৰাইজে অভিযোগ তুলি আহিছে ৷