জনীয়া, 12 অক্টোবৰ : দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া আনন্দ-উল্লাসৰ পৰিৱেশ ৷ ঠায়ে ঠায়ে চৰকাৰী ক’ভিড প্ৰট’কল মানি আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ ক’ভিড 19 মহামাৰীৰ বাবে এইবাৰ দুৰ্গোৎসৱ পালনৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে ৷
চৰকাৰৰ এই নিৰ্দেশনা কাৰ্যকৰীকৰণৰ বাবে আৰক্ষীয়ে সৰৱ ভূমিকা গ্ৰহণ কৰিছে ৷ ঠায়ে ঠায়ে আৰম্ভ কৰিছে তালাচী অভিযান ৷ দুৰ্গা পূজাৰ বাবে জাৰি কৰা ক’ভিড প্ৰট’কল পালনৰ ক্ষেত্ৰত সৰৱ ভূমিকা গ্ৰহণ কৰিছে কলগাছিয়া আৰক্ষীয়ে ৷ কলগাছিয়াৰ বিভিন্ন প্ৰান্তৰ লগতে বামুণটাৰী দ্বিতীয় বিকল্প ৰাজ্যিক ঘাইপথত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । বৰপেটা জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ব্যাপক তৎপৰতাৰে ৰাজ্যৰ আৰক্ষী বিভাগে আৰম্ভ কৰিছে এই অভিযান ।