পাঠশালা, 18 অক্টোবৰ : মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ মৃত্যুক সাৱটি ল’লে অসম আৰক্ষীৰ এজন জোৱানে ৷ যোৱা নিশা মানকাৰচৰৰ কুকুৰমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল ঝালোৰচৰস্থিত 26 আই আৰ বি এনৰ এটা দল ৷
কিন্তু গৰু সৰবৰাহকাৰীক খেদিবলৈ যাওতেই সীমান্ত অঞ্চলত থকা এটা খালত সোমাই পৰে কনিষ্টবল ৰবেন দাস ৷ সাঁতুৰিবলৈ অপ্ৰাণ চেষ্টা কৰিও খালটোৰ গভীৰতা অধিক হোৱাৰ বাবে বাচিব নোৱাৰিলে কনিষ্টবল গৰাকী ৷ আনকি সহযোগগী সকলেও চেষ্টা কৰিব উদ্ধাৰ কৰিব নোৱাৰিলে ৰবেন দাসক ৷
পাচত নিশাই এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে ৰবেন দাসৰ মৃতদেহ ৷ দেওবাৰে পুৱা কনিষ্টবল গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা চোৰাং গৰু ৷